ETV Bharat / bharat

Shekhawat Defamation Case : আদালতৰ সিদ্ধান্তত হতবাক মুখ্যমন্ত্ৰী গেহলট; অব্যাহত থাকিব মানহানিৰ গোচৰ - defamation case to continue against Gehlot

দিল্লীৰ এখন আদালতত মঙলবাৰে গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা মানহানিৰ গোচৰৰ শুনানি হয় । শুনানিত আদালতে মুখ্যমন্ত্ৰী অশোক গেহলটক অব্যাহতি দিয়াৰ আবেদন খাৰিজ কৰে । যাৰ বাবে এতিয়া তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হ'ব ।

আদালতৰ সিদ্ধান্তত হতবাক মুখ্যমন্ত্ৰী গেহলট
Shekhawat Defamation Case
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:47 PM IST

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । দিল্লীৰ এখন আদালতে গেহলটৰ সন্মুখত এই নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে তৰা মানহানিৰ গোচৰত অব্যাহতি বিচাৰি কৰা গেহলটৰ আবেদন ন্যায়ালয়ে খাৰিজ কৰে । এচিএমএম হৰজিৎ সিং যশপালৰ আদালতে এই সিদ্ধান্ত দিয়ে । যাৰ বাবে এতিয়া তেওঁৰ ওপৰত মানহানিৰ গোচৰ অব্যাহত থাকিব । বিগত শুনানিত শ্বেখাৱতৰ অধিবক্তাই গেহলটৰ আবেদনৰ বিৰোধিতা কৰিছিল । তাত কোৱা হৈছিল যে গেহলটৰ আবেদন ৰক্ষণাবেক্ষণযোগ্য নহয় ।

যোৱা ১৪ ছেপ্টেম্বৰত আদালতে গেহলট আৰু শ্বেখাৱত দুয়োৰে অধিবক্তাৰ ডেৰ ঘণ্টাৰ বিতৰ্কৰ পিছত ১৯ ছেপ্টেম্বৰৰ বাবে ৰায় সংৰক্ষিত ৰাখিছিল । বিগত শুনানিৰ সময়ত অশোক গেহলট আৰু গজেন্দ্ৰ সিং শ্বেখাৱত দুয়োৱে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উপস্থিত আছিল । প্ৰায় ডেৰ ঘণ্টা ধৰি দুয়োপক্ষৰ অধিবক্তাসকলৰ মাজত তীব্ৰ বিতৰ্ক হয় । জ্যেষ্ঠ অধিবক্তা বিকাশ পাহৱা শ্বেখাৱতৰ হৈ উপস্থিত থাকে । আনহাতে, জ্যেষ্ঠ অধিবক্তা মোহিত মাথুৰে গেহলটক প্ৰতিনিধিত্ব কৰিছিল ।

গেহলটৰ হৈ উপস্থিত থকা মোহিত মাথুৰে যুক্তি দিছিল যে যদি অভিযোগকাৰী একেৰাহে তিনিটা তাৰিখত হাজিৰ নহয়, তেন্তে আদালতৰ অভিযুক্তক ধাৰা ২৫৬-ৰ অধীনত অব্যাহতি দিয়াৰ অধিকাৰ আছে । অভিযোগকাৰী গজেন্দ্ৰ সিং শ্বেখাৱত যিহেতু ইতিমধ্যে একেৰাহে তিনিটা তাৰিখত উপস্থিত নাছিল, সেয়েহে অশোক গেহলটক মানহানিৰ গোচৰৰ পৰা অব্যাহতি দিয়া উচিত বুলি কৈছিল । কিন্তু ইয়াৰ বিৰোধিতা কৰি শ্বেখাৱতৰ অধিবক্তা বিকাশ পাহৱাই তেওঁৰ যুক্তি উপস্থাপন কৰি কয় যে অভিযুক্ত হোৱা সত্ত্বেও গেহলট এতিয়ালৈকে আদালতত হাজিৰ হোৱা নাই । তেওঁক আদালতত হাজিৰ হ'বলৈ জাননী জাৰি কৰাও উচিত ।

দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বজালৈ গোচৰটোৰ ৰায় সংৰক্ষিত ৰাখিছিল । উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰৰ সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক দিল্লীৰ এখন আদালতে ৭ আগষ্টত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল । ইয়াৰ পিছত গেহলটে সত্ৰ আদালতত আপীল কৰে আৰু ব্যক্তিগত উপস্থিতিৰ পৰিৱৰ্তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হাজিৰ হ'বলৈ অনুমতি বিচাৰে । তেতিয়াৰ পৰা গেহলটে ভিচিৰ সন্মুখত নিৰন্তৰ উপস্থিত হৈ আহিছে ।

লগতে পঢ়ক :Jignesh Mevani in Baroeta: গোচৰৰ শুনানিৰ বাবে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.