ETV Bharat / bharat

Defamation Case Against Ashok Gehlot : অশোক গেহলটৰ বিৰুদ্ধে মানহানি গোচৰ; ১৯ ছেপ্টেম্বৰত আদালতৰ ৰায়দান

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:49 PM IST

দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰে । আদালতত মুখ্যমন্ত্ৰী অশোক গেহলটে নিজকে আৰোপমুক্ত কৰিবলৈ এখন আবেদন জনাইছে । গোচৰটোৰ শুনানিৰ সময়ত আদালতে ৰায়টো সংৰক্ষিত ৰাখে ।

Defamation Case Against Ashok Gehlot
Defamation Case Against Ashok Gehlot

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা মানহানি গোচৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এক আবেদন প্ৰদান কৰি নিজকে বিষয়টোৰ পৰা আৰোপমুক্ত কৰিবলৈ অনুৰোধ জনাইছে । বিষয়টো সন্দৰ্ভত বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত শুনানি হয় । এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অশোক গেহলট আৰু গজেন্দ্ৰ সিং শ্বেখাৱত দুয়ো উপস্থিত থাকে । অতিৰিক্ত মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং যশপালে শুনানিৰ পিছত ৰায়টো সংৰক্ষিত ৰাখে । আদালতে ১৯ ছেপ্টেম্বৰত দুপৰীয়া ২ বজাত নিজৰ ৰায় ঘোষণা কৰিব ।

গোচৰটোৰ শুনানি দুপৰীয়া ২ বজাত আৰম্ভ হয় । ইয়াৰ পিছত দুয়ো পক্ষৰ অধিবক্তাৰ মাজত প্ৰায় ডেৰ ঘণ্টা ধৰি তীব্ৰ যুক্তি-তৰ্ক হয় । জ্যেষ্ঠ অধিবক্তা বিকাশ পাহৱা শ্বেখাৱতৰ হৈ উপস্থিত থাকে । আনহাতে, জ্যেষ্ঠ অধিবক্তা মোহিত মাথুৰ গেহলটৰ হৈ উপস্থিত থাকে । মাথুৰে যুক্তি দিয়ে যে যদি অভিযোগকাৰী একেৰাহে তিনিটা তাৰিখত আদালতত উপস্থিত নাথাকে, তেন্তে আদালতৰ অভিযুক্তক অব্যাহতি দিয়াৰ অধিকাৰ আছে । উল্লেখ্য যে অভিযোগকাৰী গজেন্দ্ৰ সিং শ্বেখাৱত ইতিমধ্যে একেৰাহে তিনিটা তাৰিখত আদালতত উপস্থিত নাছিল । সেয়েহে অশোক গেহলটক মানহানিৰ গোচৰৰ পৰা অব্যাহতি দিয়া উচিত ।

আনহাতে, গেহলটৰ যুক্তিৰ বিৰোধিতা কৰি শ্বেখাৱতৰ অধিবক্তা বিকাশ পাহৱাই তেওঁৰ যুক্তি প্ৰদান কৰে । তেওঁ কয় যে অভিযুক্ত হোৱা সত্ত্বেও গেহলট এতিয়ালৈকে আদালতত হাজিৰ হোৱা নাই । তেওঁকো আদালতত হাজিৰ হ'বলৈ জাননী জাৰি কৰা উচিত । দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে গোচৰটোৰ ৰায় ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বজালৈকে সংৰক্ষিত ৰাখে ।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰৰ সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক দিল্লীৰ এখন আদালতে ৭ আগষ্টত আদালতত উপস্থিত হ'বলৈ চমন জাৰি কৰিছিল । ইয়াৰ পিছত গেহলটে সত্ৰ আদালতত আপীল কৰে আৰু ব্যক্তিগত উপস্থিতিৰ পৰিৱৰ্তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হাজিৰ হ'বলৈ অনুমতি বিচাৰে । তেতিয়াৰে পৰা গেহলটে ভিচিৰ সন্মুখত নিৰন্তৰ উপস্থিত হৈ আহিছে ।

লগতে পঢ়ক :Anantnag encounter : 'পাকিস্তান বিভক্ত হ'লেহে কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ হ'ব'-ভি কে সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.