ETV Bharat / bharat

মধ্য প্ৰদেশৰ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 17, 2021, 12:01 PM IST

মধ্যপ্ৰদেশৰ সিধিত 54 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ নলাত বাগৰি পৰাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এইপৰ্যন্ত 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ সিধিত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 54 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ নলাত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই পৰ্যন্ত 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে মধ্যপ্ৰদেশ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু 22 ফুট দ নলাত বাছখন বাগৰি পৰাৰ কাৰণে উদ্ধাৰৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল ৷ প্ৰায় 4 ঘণ্টাৰ অন্ততহে বাছখনৰ অৱস্থিতিৰ সম্ভেদ পোৱা গৈছিল ৷

  • Bus accident in MP’s Sidhi is horrific. Condolences to the bereaved families. The local administration is actively involved in rescue and relief work: PM @narendramodi

    — PMO India (@PMOIndia) February 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই ভয়াৱহ দুৰ্ঘটনাটোৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰি মৃত যাত্ৰীসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি 2 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰে । টুইটাৰযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, "মধ্যপ্ৰদেশৰ সিধিত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হোৱা যাত্ৰীসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । স্থানীয় প্ৰশাসনে সক্ৰিয়তাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।"

  • PM @narendramodi has approved an ex-gratia of Rs. 2 lakh each from Prime Minister’s National Relief Fund for the next of kin of those who have lost their lives due to the bus accident in Sidhi, Madhya Pradesh. Rs. 50,000 would be given to those seriously injured.

ইফালে, এই বাছ দুৰ্ঘটনাটো সংঘটিত হোৱাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানেও গভীৰ শোক প্ৰকাশ কৰে ৷ লগতে নিহত যাত্ৰীসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।

  • मैं और मेरी सरकार अंत्योदय के कल्याण एवं उत्थान के लिए कटिबद्ध है। हर गरीब का अपना पक्का घर होगा, इस ध्येय की प्राप्ति के लिए सतत प्रयत्नशील हूं।

    अब तक विभिन्न योजनाओं के तहत प्रदेश में 31 लाख 20 हजार 384 घरों का निर्माण हो चुका है। #गृह_प्रवेशम् #PMAY

    — Shivraj Singh Chouhan (@ChouhanShivraj) February 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.