নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ: মঙলবাৰে ছত্তিশগড়ৰ বালোদ জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এটি কিশোৰৰ (Youth dies after being hit by train) ৷ জনপ্ৰিয় অনলাইন গেম Free Fire খেলি থকা অৱস্থাত এখন দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৃত্যু হয় এজন ১৮ বছৰীয়া কিশোৰৰ । মৃত কিশোৰজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তথা গুণ্ডাৰদেহী আৰক্ষী থানাৰ অন্তৰ্গত ৰংকাথেৰা গাঁৱৰ যোগেন্দ্ৰ যোশী বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, যোগেন্দ্ৰই পুৱাৰ প্ৰাতঃকৰ্ম কৰিবলৈ গৈ ইয়াৰফোন ব্যৱহাৰ কৰি ৰে’লৱে ট্ৰেকত অনলাইন গেম Free Fire খেলাত ব্যস্ত হৈ পৰিছিল (Playing online game) । তেনে সময়তে ডাল্লী ৰাজহৰাৰ পৰা দুৰ্গ অভিমুখে গৈ থকা এখন তীব্ৰবেগী ৰে’লে তেওঁক মহতিয়াই নিয়ে । এই কথা অৱগত হৈ স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত গুন্দেৰদেহী আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
এই শোকাৱহ ঘটনাৰ কথা উল্লেখ কৰি বালোদ জিলাৰ আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰ যাদৱে কয়, "এনে অনলাইন গেমত অনেক বিপদাশংকা আছে ৷ হৈ যোৱা ঘটনাটো ইয়াৰেই এক জলন্ত উদাহৰণ ৷ সেয়েহে এনে খেলৰ পৰা শিশু তথা কিশোৰ-কিশোৰীক মানসিকভাৱে আতঁৰত ৰাখি অন্য outdoor game ৰ সৈতে জড়িত কৰাতো অত্যন্ত প্ৰয়োজন ।"
আৰক্ষী অধীক্ষকগৰাকীয়ে অভিভাৱকসকলক তেওঁলোকৰ সন্তানক অনলাইন গেমিঙৰ আসক্তিৰ পৰা আঁতৰাই অন্যান্য খেলত (Outdoor games) অধিক মনোযোগ দিয়াত সহায় কৰিবলৈ দিলে পৰামৰ্শ ।
লগতে পঢ়ক: অনলাইন গেমিংত এপৰ প্ৰবঞ্চনা: ইডিৰ অভিযানত উদ্ধাৰ ৮ কোটি টকা