ETV Bharat / bharat

পৰিয়ালক আচৰিত কৰি তিনিমাহৰ পাচত ঘৰলৈ উভতিল 'মৃত' ব্যক্তি - 35 বৰ্ষীয় ছাক্কায়ি (ছাবু)

অন্তিম সৎকাৰ কৰাৰ তিনি মাহ পাচত ঘৰলৈ উভতিল এজন 35 বৰ্ষীয় লোক ৷ ছাক্কায়ি (ছাবু) নামৰ লোকজন তিনি মাহ পূৰ্বে এক দূৰ্ঘটনাত নিহত হোৱা বুলি সৎকাৰ কৰিছিল পৰিয়ালৰ লোকে ৷

তিনিমাহৰ পাচত ঘৰলৈ উভতিল 'মৃত' ব্যক্তি
তিনিমাহৰ পাচত ঘৰলৈ উভতিল 'মৃত' ব্যক্তি
author img

By

Published : Mar 29, 2021, 2:33 PM IST

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : অন্তিম সৎকাৰ কৰাৰ তিনি মাহ পাচত ঘৰলৈ উভতিল এজন 35 বৰ্ষীয় লোক ৷ লোকজনক দেখা পাই হতভম্ব হৈ পৰিল পৰিয়ালৰ লোক ৷ ছাক্কায়ি (ছাবু) হিচাপে পৰিচিত লোকজন সংস্থাপনৰ সূত্ৰে পৰিয়ালৰ পৰা আঁতৰি বাস কৰিছিল ৷ কিন্তু হঠাৎ এদিন পৰিয়ালৰ লোকে তেওঁ এক পথ দূৰ্ঘটনাত মৃত্যু হোৱা বুলি খবৰ লাভ কৰে ৷

ডিচেম্বৰৰ শেষৰফালে পালা আৰক্ষীয়ে থিৰুৱনন্থপুৰমৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে মৃতদেহটো ছাবুৰ বুলি চিনাক্ত কৰে৷ আৰক্ষীয়ে ছাবুৰ ভাতৃ আৰু পৰিয়ালক এই সম্পৰ্কত অৱগত কৰে ৷ পৰিয়ালে এয়া ছাবুৰ মৃতদেহ বুলি চিনাক্ত কৰে আৰু 30 ডিচেম্বৰৰ দিনা অন্তিম সৎকাৰ কৰে ৷

পৰিয়ালৰ পৰা প্ৰায়ে আঁতৰত থকা ছাবু চুৰিকাৰ্যতো অভিযুক্ত ৷ থিৰুৱনন্থপুৰমৰ এখন হোটেলৰ পৰা 46,000 টকা চুৰি কৰাৰ অভিযোগত নৱেম্বৰত থিৰুৱনন্থপুৰম আৰক্ষীয়ে আটক কৰিছিল ছাবুক ৷ ইয়াৰ পাচৰ পৰা তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, ছাবুৰ সন্মুখৰ তিনিটা দাঁত পূৰ্বৰ পৰাই নাছিল ৷ আনহাতে, মৃতদেহটোৰো সন্মুখৰ তিনিটা দাঁত নোহোৱা বাবে পৰিয়ালৰ লোকে অচিনাক্ত মৃতদেহটোকে ছাবু বুলি চিনাক্ত কৰিছিল ৷

কিন্তু তিনি মাহৰ অন্তত ছাবুৰ বন্ধুয়ে ছাবুৰ সম্ভেদ লাভ কৰি তেওঁক ঘৰলৈ লৈ আহে ৷ ছাবু উভতি অহাৰ ফলত কাৰ মৃতদেহ সৎকাৰ কৰা হ'ল তাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ DNA পৰীক্ষাৰ বাবে তিনি মাহৰ পূৰ্বে মৃতদেহৰ ভিতৰৰ অংগৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ এই নমুনাৰ জৰিয়তে তেওঁলোকে মৃতদেহ চিনাক্ত কৰিব পাৰিব বুলি আশা কৰিছে ৷

লগতে পঢ়ক : এলডিএফ, ইউডিএফৰ দৰে সাপ কেৰালাক নালাগে : গিৰিৰাজ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.