ETV Bharat / bharat

Shiv Sena leader family shot death : শিৱসেনা নেতাৰ ভাতৃ আৰু পত্নীক গুলীয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 11:35 AM IST

থানে পৌৰ নিগমৰ প্ৰাক্তন উপ মেয়ৰৰ ভাতৃ আৰু ভাই বোৱাৰীক গুলীয়াই হত্যা । ঘৰৰ ভিতৰতে উদ্ধাৰ দুয়োৰে মৃতদেহ । কিন্তু কোনে আৰু কিয় হত্যা কৰিলে সেয়া সন্দেহৰ আৱৰ্তত । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Shiv Sena leader family shot death
শিৱসেনা নেতাৰ ভাতৃ আৰু পত্নীক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : মহাৰাষ্ট্ৰৰ থানেত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে শিৱসেনা দলৰ এগৰাকী নেতাৰ ভাতৃ আৰু ভাই বোৱাৰীৰ মৃতদেহ । আৰক্ষীয়ে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই তেওঁলোকক গুলীয়াই হত্যা কৰিছে । শিৱসেনাৰ সিন্দে গোটৰ নেতা তথা প্ৰাক্তন উপ মেয়ৰ গণেশ চালভিৰ ভাতৃ দিলীপ চালভি আৰু দিলীপৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হয় । ঘৰৰ ভিতৰতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পোৱা যায় দুয়োৰে মৃতদেহ । শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত এই ঘটনাটো পোহৰলৈ আহে । ইতিমধ্যে কালৱা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

ইফালে ব্যৱসায়ী তথা শিৱসেনাৰ নেতাৰ পৰিয়ালৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ থানে অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । দুয়োকে গুলীয়াই হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰাৰ লগে লগে ঘটনাটোক লৈ ৰহস্যৰো সৃষ্টি হৈছে ।

স্থানীয় লোকে জনোৱা মতে শুকুৰবাৰে নিশা চালভি আৰু তেওঁৰ পত্নী ঘৰতে আছিল । কিন্তু নিশা প্ৰায় ১০.৩০ মান বজাত স্থানীয় লোকসকলে তেওঁলোকৰ ঘৰত গুলীচালনাৰ শব্দ শুনিছিল । গুলীৰ শব্দ শুনি লোকসকল আতংকিত হৈ পৰিছিল । যেতিয়া আত্মীয় আৰু স্থানীয় লোকসকলে তেওঁলোকৰ ঘৰত উপস্থিত হৈছিল তেতিয়া চালভি আৰু পত্নীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰিছিল । দুয়োৰে ইতিমধ্যে মৃত্যুও হৈছিল । তাৰ পাছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । উপ আৰক্ষী আয়ুক্ত গণেশ গাওড়েয়ে জনোৱা মতে মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে সকলো কথা স্পষ্ট হ'ব । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে ফৰেনচিকৰ দলেও ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে । ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰো ৰুজু কৰিছে । কিন্তু কোনে আৰু কি উদ্দেশ্যৰে তেওঁলোকক গুলীয়াই হত্যা কৰিলে সেয়া এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন । মৃত দম্পতীটোৱে এৰি থৈ যোৱা পুত্ৰ, বোৱাৰী আৰু কন্যা শোকত ভাগি পৰিছে । পিতৃ-মাতৃৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰো দাবী কৰিছে তেওঁলোকে ।

লগতে পঢ়ক :Two child killed by mother : পাৰিবাৰিক কন্দলৰ ফলতে মাতৃয়ে দুই সন্তানক হত্যা কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.