নেশ্যনেল ডেস্ক,২৯ ছেপ্টেম্বৰ : অৱশেষত বন্ধ হ'ল ১০০ বছৰ পুৰণি ৰোশনাৰা ক্লাব । দিল্লী উন্নয়ন প্ৰাধিকৰণে শুকুৰবাৰে পুৱা দিল্লীৰ চাবজি মাণ্ডি অঞ্চলত অৱস্থিত এই ঐতিহাসিক ৰোশনাৰা ক্লাবটো বন্ধ কৰি দিয়ে । ১৯২২ চনত ব্ৰিটিছে ৰোশনাৰা ক্লাব স্থাপন কৰিছিল । কিন্তু ক্লাবটোৰ লীজৰ ম্যাদ উকলি যোৱাৰ পাছতে আদালতে ইয়াক বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল ।
অৱশ্যে এই ক্লাবটো বন্ধ কৰাক লৈ অসন্তুষ্ট ইয়াৰ কৰ্মচাৰী আৰু একাংশ লোক । শুকুৰবাৰে পুৱাই ক্লাবটোত দিল্লী আৰক্ষী আৰু চিআৰপিএফৰ জোৱানসকল উপস্থিত হয় । আৰক্ষীয়ে ক্লাবৰ ভিতৰত লোকসকলক প্ৰৱেশ কৰাত বাধা আৰোপ কৰে । যাক লৈ ক্ষোভিত হৈ পৰে কৰ্মচাৰীসকল ।
উল্লেখ্য যে ৰোশনাৰা ক্লাবটো ঐতিহাসিক । ১৯২৮ চনত বিচিচিআইয়ে (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড) ৰোশনাৰা ক্লাবত এখন ছ'চাইটী প্ৰতিষ্ঠা কৰিছিল । ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মেচো ১৯৩১ চনত এই ক্লাবৰ খেলপথাৰতে অনুষ্ঠিত হৈছিল । ইয়াত ৰঞ্জী খেলো আয়োজন কৰা হৈছিল ।
ক্লাবটো প্ৰায় ২৩.৫ একৰ এলেকাত বিয়পি আছে । দিল্লীৰ ৰোশন ৰোডত অৱস্থিত এই ৰোশনাৰা ক্লাবটোক দিল্লীত ক্ৰিকেটৰ বাবে এক মাইলৰ খুঁটি বুলিও কোৱা হয় । এনে পৰিস্থিতিত, একাংশ লোকে আশংকা ব্যক্ত কৰি কয় যে এই ক্লাবটো বন্ধ কৰিলে ক্ৰিকেটৰ যথেষ্ট ক্ষতি হ'ব । ক্লাবটোৰ একাংশ কৰ্মচাৰীয়ে ইয়াক ক্ৰিকেটৰ এক ক'লা অধ্যায় বুলি অভিহিত কৰিছে । এই ক্লাবটোৰ সৈতে বহুতো স্মৃতি জড়িত হৈ আছে । য'ত বহুতো স্মৰণীয় ঘৰুৱা খেলো খেলা হৈছিল । ক্লাবটো বন্ধ হোৱাৰ লগে লগে পোনপটীয়া প্ৰভাৱ ইয়াত কাম কৰা প্ৰায় ৪৫০ গৰাকী কৰ্মচাৰীৰ ওপৰত পৰিব বুলি কোৱা হৈছে ।
ৰোশনাৰা ক্লাবৰ সাধাৰণ সম্পাদক ৰাজেন মনচান্দাই দাবী কৰে যে উচ্চ ন্যায়ালয়ে ৬ অক্টোবৰলৈকে স্থগিতাদেশ জাৰি কৰাৰ পাছতো হঠাতে শুকুৰবাৰে পুৱা বহু সংখ্যক দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বিষয়া আহি ক্লাবৰ ভৱনটো বন্ধ কৰি দিয়ে । সম্প্ৰতি ক্লাবটোৰ বিষয়াসকল এই বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন কৰিব ।
লগতে পঢ়ক :Arvind Kejriwal: I.N.D.I.A. মিত্ৰজোঁট ত্যাগ নকৰে আম আদমী পাৰ্টীয়ে; কেজৰিৱালৰ ঘোষণা