ETV Bharat / bharat

ক‘ভেক্সিন সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰিব ডিজিআইয়ে - COVID-19 vaccine briefing

ডিজিআইয়ে কোভিড 19 ৰ প্ৰতিষেধক সন্দৰ্ভত দেওবাৰে পুৱা 11 বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব ৷ ক’ভেক্সিন ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ সহযোগত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা অন্যতম কৰ’ণা প্ৰতিষেধক ৷

DCGI to brief media today on COVID-19 vaccine
কৰ’ণাৰ প্ৰতিষেধক
author img

By

Published : Jan 3, 2021, 10:58 AM IST

নতুন দিল্লী,3 জানুৱাৰী : দেওবাৰে পুৱা 11 বজাত ডিজিআইয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সম্বোধন কৰি কৰ’ণাৰ প্ৰতিষেধক সন্দৰ্ভত কিছু কথা সদৰী কৰিব ৷ ইয়াৰ পূ্ৰ্বে শনিবাৰে কেন্দ্ৰীয় ঔষধৰ মানদণ্ড নিয়ন্ত্ৰণ সংগঠনৰ বিশেষ বিশেষজ্ঞ সমিতিয়ে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা কৰ’ণা প্ৰতিষেধক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷

বিগত শুকুৰবাৰ আৰু শনিবাৰে এই প্ৰতিষেধকৰ ব্যৱহাৰ সম্বন্ধত এছইছি-য়ে বৈঠক অনুষ্ঠিত কৰিছিল ৷ লগতে ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা কৰ’ণাৰ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ অনুশীলনৰ বাবে অনুমোদন বিচৰাৰ লগতে জৰুৰীকালীন সময়ত ইয়াক ব্যৱহাৰ কৰাৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল ৷ উল্লেখ্য যে, ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ পৰা চূড়ান্ত অনুমোদন বিচাৰি এই আবেদন কৰা হৈছে ৷

ক’ভেক্সিন হৈছে ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ সহযোগত হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা এবিধ দেশীয় কৰ’ণা প্ৰতিষেধক ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বছৰৰ পহিলা দিনটোতে কয় যে, কোভিড 19 ৰ প্ৰতিষেধক প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে বিনামূল্যে উপলব্ধ হ’ব ৷ এই প্ৰতিষেধক লাভ কৰিব এক কোটি স্বাস্থ্য সেৱাত জড়িত কৰ্মীৰ লগতে দুই কোটি আগশাৰীৰ কৰ’ণা যুদ্ধৰ কৰ্মকৰ্তাই ৷

লগতে চাওকঃ মকৰ সংক্ৰান্তিত আৰম্ভ ৰাম মন্দিৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.