ETV Bharat / bharat

ক’ভিড-19ৰ বাবে 2-DGৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন - ডিআৰডিঅ'ৰ বিজ্ঞানী

ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) নামৰ ঔষধবিধৰ ক’ভিড-19 চিকিৎসাৰ ক্ষেত্ৰত জৰুৰীকালীন অনুমোদন জনাইছে ৷ হায়দৰাবাদৰ ডা৹ ৰেড্ডীৰ গৱেষণাগাৰৰ সহযোগত ডিআৰডিঅ'ৰ পৰীক্ষাগাৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ (আইএনএমএএছ) ৰ দ্বাৰা 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ঔষধবিধৰ ক’ভিড-19 থেৰাপিউটিক প্ৰয়োগ কৰি বিকশিত কৰা হয় ৷ ক্লিনিকেল ট্ৰাইলৰ অন্তত দেখুৱাইছে যে ঔষধবিধে ৰোগীসকলৰ দ্ৰুত আৰোগ্য হোৱাত সহায় কৰাৰ লগতে অক্সিজেনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে ৷

dcgi-approves-anti-covid-drug-developed-by-drdo-for-emergency-use
ক’ভিড-19ত বাবে 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি)ৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন
author img

By

Published : May 8, 2021, 9:06 PM IST

নেশ্যনেল ডেস্ক, 8 মে': ক’ভিড-19 চিকিৎসাৰ ক্ষেত্ৰত ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) নামৰ ঔষধবিধৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') ৰ বিবৃতি অনুসৰি হায়দৰাবাদৰ ডা৹ ৰেড্ডীৰ গৱেষণাগাৰৰ সহযোগত ডিআৰডিঅ'ৰ পৰীক্ষাগাৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ (আইএনএমএএছ) ৰ দ্বাৰা 2-ডিঅক্সি-ডি-গ্লুকোজ (2-ডিজি) ঔষধবিধৰ ক’ভিড-19 থেৰাপিউটিক প্ৰয়োগ কৰি বিকশিত কৰা হয় । এক ক্লিনিকেল ট্ৰাইলৰ অন্তত দেখুৱাইছে যে এই ঔষধবিধে ৰোগীসকলৰ দ্ৰুত আৰোগ্য হোৱাত সহায় কৰাৰ লগতে অক্সিজেনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে ৷

2-ডিজিৰ সৈতে চিকিৎসা কৰা ৰোগীসকল আৰ.টি.পি.চি.আৰ পৰীক্ষাৰ পিছত ৰ এক উচ্চ অনুপাতত নিগেটিভ ৰূপান্তৰ হোৱা দেখা গৈছে ৷ চলিত মহামাৰীৰ সময়ত ক’ভিড-19 ভুগি থকা লোকসকলৰ বাবে এই ঔষধবিধ যথেষ্ট লাভজনক হ’ব ৷ ইয়াৰ পূৰ্বেও এপ্ৰিল 2020, মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত আইএনএমএএছ-ডিআৰডিঅ'ৰ বিজ্ঞানীসকলে হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজী (চিচিএমবি)ৰ সহায়ত পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষা চলাই দেখিছিল যে এই অণুটোৱে এছএআৰএছ-চিঅ'ভি-2 ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে কাম কৰে আৰু ভাইৰেল বৃদ্ধিত বাধা দিয়ে । এই ফলাফলবোৰৰ আধাৰত ডিচিজিআই-চিডিএছচিঅ'য়ে মে 2020-ত ক’ভিড-19 ৰোগীৰ ওপৰত 2-ডি.জি. ৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলৰ অনুমতি দিছিল ৷ পিছত ডিচিজিআইয়ে নৱেম্বৰ 2020ত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলৰ অনুমতি প্ৰদান কৰে ।

দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যত অৱস্থিত 27 খন ক’ভিড চিকিৎসালয়ত ডিচেম্বৰ 2020 ৰ পৰা মাৰ্চ 2021 লৈ 220 জন ৰোগীৰ ওপৰত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইল কৰা হৈছিল ৷ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলৰ বিতং তথ্য ডিচিজিআইক উপস্থাপন কৰা হৈছিল ৷ মহামাৰীৰ দ্বিতীয় ঢৌত বৃহৎ সংখ্যক ৰোগীয়ে তীব্ৰ অক্সিজেন নিৰ্ভৰশীলতাৰ সন্মুখীন হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হৈছে ৷ সংক্ৰমিত কোষত ঔষধৰ সঞ্চালন প্ৰণালীৰ বাবে ঔষধটোৱে মূল্যৱান জীৱন ৰক্ষা কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক : বাক্সাত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.