ETV Bharat / bharat

Article 370 hearing : ৰাষ্ট্ৰপতি শাসন গণতন্ত্ৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি; উচ্চতম ন্যায়ালয় - pleas challenging abrogation of Article 370

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ২ আগষ্টৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আহিছে । শুনানি বৃহস্পতিবাৰেও অমীমাংসিত হৈ থাকে আৰু ৮ আগষ্টত পুনৰ আৰম্ভ হ'ব ।

Article 370 hearing
Article 370 hearing
author img

By

Published : Aug 3, 2023, 6:25 PM IST

নিউজ ডেস্ক, ৩ আগষ্ট : কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ চনৰ অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনৰ শুনানি পুনৰ আৰম্ভ হৈছে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ২ আগষ্টৰ পৰা ইয়াৰ শুনানি আৰম্ভ কৰিছে । দেশৰ কিছুসংখ্যক মুখ্য বিৰোধী দলে অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তক পক্ষপাতদুষ্ট বুলি ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । আনহাতে, বিজেপিক সমৰ্থন জনোৱাসকলৰ পৰা এই সিদ্ধান্তক সম্পূৰ্ণ প্ৰশংসা কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰৰ শুনানি ইতিমধ্যে সমাপ্ত হৈছে । জ্যেষ্ঠ অধিবক্তা কপিল চিবালে ইয়াৰ বিৰুদ্ধে তেওঁৰ যুক্তি আগবঢ়ায় ।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে দুটা বিবাদৰ তালিকা তৈয়াৰ কৰে । এটা হ'ল অনুচ্ছেদ ৩৭০-য়ে সংবিধানৰ এক স্থায়ী বৈশিষ্ট্য লাভ কৰিছে বুলি কৰা আবেদন । এইটো দুয়োপক্ষৰ পৰাই বিতৰ্কিত । দ্বিতীয়টো হৈছে, ধৰি লোৱা হওক অনুচ্ছেদ ৩৭০-ত কোনো স্থায়িত্ব নাই, ইয়াক বাতিল কৰাৰ বাবে উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছেনে ?

অনুচ্ছ্দ ৩৭০ বাতিলৰ বিৰুদ্ধে আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিবালে কয় যে তেওঁ আদালতক বুজাবলৈ চেষ্টা কৰিব যে অনুচ্ছেদ ৩৭০ স্থায়ী । তেওঁ কয়, "মহামান্য আদালতে কৈছে যে এইটো বিতৰ্কিত । হয় এইটো বিতৰ্কিত । ইয়াত কোনো সন্দেহ নাই ।" এই ক্ষেত্ৰত ন্যায়াধীশ কৌলে বাধা প্ৰদান কৰি কয় যে এইটো বিতৰ্কৰ বিষয় আছিল কাৰণ দুয়োপক্ষই ইয়াত বিতৰ্ক কৰিব । তেতিয়া কপিল চিবালে কয়, "হয়, এইটো সঁচাকৈয়ে বিতৰ্কিত । মই আপোনাক ক'ম যে এইটো কিয় স্থায়ী ।"

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিবালক প্ৰশ্ন কৰে, "আপুনি কেনেকৈ ক'ব পাৰে যে সংসদে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবে ইয়াৰ সম্পূৰ্ণ সংশোধনী ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেননে ? চিবালে উত্তৰত কয়, "এয়া মৌলিক গাঁথনি নহয় (সংবিধানৰ), এয়া হৈছে এখন সাৰ্বভৌম ৰাজ্য আৰু আনৰ মাজত এক পাৰ্থক্য, যিটো আমাৰ সংবিধানত প্ৰস্তুত কৰা হৈছে, আন ৰাজ্যত এয়া নাই ।"

আনহাতে, ন্যায়াধীশ বি আৰ গাভায়ে চিবালক প্ৰশ্ন কৰে, "সমগ্ৰ জম্মু-কাশ্মীৰৰ জনসংখ্যাৰ দৃষ্টিভংগী বিবেচনা নকৰিলে, অনুচ্ছেদ ৩৭০ বাতিল কৰিব নোৱাৰি নেকি ?"

চিবালে কয় যে এইটো কৰাৰ বাবে সাংবিধানিক উপায় অনুসৰণ কৰিব লাগিব । তেওঁ গুৰুত্ব আৰোপ কৰে যে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল আৰু চৰকাৰে অনুচ্ছেদ ৩৭০-ৰ পৰা পৰিত্ৰাণ পাবলৈ একেলগে কাম কৰি আছে আৰু ই এক ৰাজনৈতিক পদক্ষেপ । চিবালে কয় যে এইটো এটা ৰাজনৈতিক প্ৰক্ৰিয়া আছিল (কেন্দ্ৰৰ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সিদ্ধান্ত), যাক সাংবিধানিক উপায়েৰে ৰূপায়ণ কৰা হৈছিল ।

আনহাতে, চিবালৰ উত্তৰত ন্যায়াধীশ এছ কে কৌলে কয়, "সকলোবোৰেই এটা ৰাজনৈতিক প্ৰক্ৰিয়া । প্ৰশ্নটো হ'ল এইটো সংবিধানত খাপ খায়নে নাখায় ।" ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন সন্দৰ্ভত এক বিষয়ত উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰপতি শাসন গণতন্ত্ৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি

উল্লেখ্য যে দেশৰ শীৰ্ষ আদালতে বিষয়টোৰ ওপৰত দৈনিক শুনানি অনুষ্ঠিত কৰি আছে । পূৰ্বৰ ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা, অনুচ্ছেদ ৩৭০ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯-ৰ বিধান বাতিলক প্ৰত্যাহ্বান জনাই কেইবাখনো আবেদন ২০১৯ চনত সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক :Article 370 of Constitution : সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ স্থায়ী বৈশিষ্ট্য সন্দৰ্ভত কপিল চিবালক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.