ETV Bharat / bharat

দৰভাংগা ৰে'ল বিস্ফোৰণৰ তদন্ত প্ৰক্ৰিয়া যাব পাৰে NIAৰ হাতলৈ - বিহাৰ গৃহ বিভাগ

বিহাৰৰ দৰভাংগা ৰে'ল ষ্টেচনত সংঘটিত ৰাসায়নিক পদাৰ্থ বিস্ফোৰণ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ হাতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰৰ গৃহ বিভাগে ৷ বিগত জুন মাহত হায়দৰাবাদৰ চিকন্দাৰাবাদৰ পৰা বিহাৰলৈ যোৱা এখন ৰে'লত সংঘটিত হৈছিল এই বিস্ফোৰণ ৷

Darbhanga train blast case may be transferred to NIA
দৰভাংগা ৰে'ল বিস্ফোৰণৰ তদন্ত প্ৰক্ৰিয়া যাব পাৰে NIAৰ হাতলৈ
author img

By

Published : Jun 25, 2021, 10:44 AM IST

নেশ্যনেল ডেস্ক, 25 জুন : বিহাৰ গৃহ বিভাগে 17 জুনত সংঘটিত দৰভাংগা ৰে'ল বিস্ফোৰণ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ হাতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিগত জুন মাহত হায়দৰাবাদৰ চিকন্দাৰাবাদৰ পৰা বিহাৰ অভিমুখে যোৱা এখন ৰে'ল দৰভাংগা ষ্টেচনত প্ৰৱেশ কৰাৰ পাচতে পাৰ্চেল কম্পাৰ্টমেণ্টৰ পৰা লৈ যোৱাৰ পাচত ৰাসায়নিক পদাৰ্থ ভৰ্তি এটা পেকেট বিস্ফোৰিত হয় ৷ যিহেতু বিষয়টো অতিকৈ গুৰুতৰ আছিল সেয়েহে জিআৰপি (GRP)য়ে এই গোচৰটো বিহাৰ আৰক্ষীৰ বিশেষ এন্টি টেৰ'ৰিষ্ট স্ক'ৱাড (Anti-Terrorist Squad)ৰ হাতলৈ প্ৰেৰণ কৰিছিল ।

বিস্ফোৰণৰ বিষয়টো তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ সৈতে সম্পৰ্কিত থকাৰ বাবে দুয়োখন ৰাজ্যৰ এন্টি টেৰ'ৰিষ্ট স্ক'ৱাডে (Anti-Terrorist Squad) গোচৰটোৰ তদন্ত কৰি আছে । নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই বৃহস্পতিবাৰে নিশা জনোৱা মতে, বিহাৰ আৰু তেলেংগানা এন্টি টেৰ'ৰিষ্ট স্ক'ৱাড (Anti-Terrorist Squad)ৰ যুটীয়া প্ৰতিবেদন শুকুৰবাৰে ৰাতিপুৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু গোচৰটো অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)লৈ প্ৰেৰণ কৰা হ'ব ৷

এক সূত্ৰই জনোৱা মতে, এই বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকক বিভিন্ন ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয় সুৰক্ষাজনিত কাৰণত প্ৰকাশ কৰা হোৱা নাই ।

অৱশ্যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ তদন্তৰ পাচতহে ঘটনাৰ মূল অভিযুক্ত কোন সেয়া চিনাক্ত হ'ব বুলিও আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ভাৰতীয় মুজাহিদীনৰ মূল সদস্যৰ জামিনৰ বিৰোধিতা NIAৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.