ETV Bharat / bharat

পঞ্জাৱত ম'বাইল টাৱাৰ ধ্বংসক লৈ কঠোৰ ৰাজ্য়পাল - ১৬০০

কৃষকৰ প্ৰতিবাদৰ সময়ত পঞ্জাৱত প্ৰায় ১৬০০ ম'বাইল টাৱাৰ ধ্বংস হয় । অনলাইন যোগে পাঠদান হৈ থকা সময়তে এনেদৰে টাৱাৰ ধ্বংস কৰাটো অতি চিন্তাৰ কাৰণ । ৰাজ্য়খনৰ ৰাজ্য়পাল গৰাকীয়ে এই ঘটনাৰ অতি শীঘ্ৰে তদন্তৰ বাবে ৰাজ্য় চৰকাৰক নিৰ্দেশ দিয়ে ।

পঞ্জাৱত ম'বাইল টাৱাৰ ধ্বংসলৈ কঠোৰ ৰাজ্য়পাল

author img

By

Published : Dec 31, 2020, 3:44 PM IST

নেশ্য়নেল ডেস্ক , ৩১ ডিচেম্বৰ : দিল্লীত কৃষকৰ প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে পঞ্জাবৰ ৰাজ্য়পালৰ তলব ৰাজ্য়খনৰ মুখ্য় সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক । কৃষকৰ প্ৰতিবাদৰ সময়ত ৰাজ্য়ত প্ৰায় ১৬০০ টা ম'বাইল টাৱাৰ ধ্বংস হৈছে যাৰ বাবে ৰাজ্য়পাল ভি পি সিং বাডনোৰে দুয়োগৰাকী বিষয়াক সঠিক তদন্তৰ বাবে তলব কৰে ।

ৰাজ্য়পাল গৰাকীয়ে এই ঘটনাৰ অতি শীঘ্ৰে তদন্তৰ বাবে ৰাজ্য় চৰকাৰক নিৰ্দেশ দিয়ে । কৰ'ণা মহামাৰীৰ সময়ত অনলাইন যোগে পাঠদান হৈ থকা সময়তে এনেদৰে টাৱাৰ ধ্বংস কৰাটো অতি চিন্তাৰ কাৰণ । যোগাযোগ ব্য়ৱস্থাৰ ক্ষতিয়ে কেৱল শিক্ষাৰ্থীয়ে নহয় সমাজৰ বিভিন্ন স্তৰত প্ৰভাৱ পৰিব বুলিও মন্তব্য় কৰে ৰাজ্য়পাল গৰাকীয়ে । আনকি ৰাজ্য়পাল গৰাকীয়ে জনোৱা মতে এয়া আইন ব্য়ৱস্থাৰ বিফলতা ।

ইফালে এচ'চিয়েট চেম্বাৰ্চ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি অৱ ইণ্ডিয়াইয়ো পঞ্জাবৰ মুখ্য়মন্ত্ৰীলৈ এই বিষয়ত তেওঁৰ হস্তক্ষেপ বিচাৰি এক পত্ৰ লিখিছে । ওচৰ চুবুৰীয়া ৰাজ্য়ৰ সৈতে ৰাজ্য়খনক সংযোগ কৰা মূল পথ বন্ধ হৈ থকাৰ ফলত ৰাজ্য়খনে প্ৰতিদিনে কেইবা কোটি টকাৰ লোকচান হোৱাৰ কথাও পোহৰলৈ আহিছে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশত চাঞ্চল্য়কৰ হত্য়াকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.