মেষ ৰাশি: আপোনাৰ আধ্যাত্মিক শক্তিয়ে আজিৰ দিনটো অনন্য কৰি তুলিব । আধ্যাত্মিক পৰিপূৰ্ণতাৰ যোগ আছে । ক্ৰোধ আৰু নিজৰ কথাক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে । সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণ পৰিহাৰ কৰক ।
বৃষ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি আপুনি সুখী সাংসাৰিক জীৱন উপভোগ কৰিব ৷ উৎসাহজনক পৰিৱেশত আপুনি পৰিয়াল আরু প্ৰিয়জনৰ সৈতে ভোজন উপভোগ কৰিব পাৰে ৷ সৰু-সুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ বিদেশত বসবাসকাৰী আত্মীয়-স্বজনৰ পৰা সু-সংবাদ পাই আনন্দ পাব ৷ লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ আজি উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব ৷ আৰ্থিক লাভৰো যোগ আছে ৷ ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে, কিন্তু সঠিক কামতেই সঠিক ব্যয় কৰিব ৷ আজি গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ আজি আপুনি নিবিচাৰিলেও কিছু কথাত আপোনাৰ খং উঠি থাকিব ৷ কিন্তু নিজৰ মুখত লেকাম টানি ৰাখিব ৷
কৰ্কট ৰাশি: আজিৰ দিনটো শান্তিৰে পাৰ কৰি দিয়ক ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে ৷ আপুনি আজি উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা দেখা দিব পাৰে ৷ অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে ৷ কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ৷
সিংহ ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব ৷ আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই আপোনাক দুখ দি থাকিব ৷ মাতৃৰ সৈতেও মনোমালিন্য হ’ব পাৰে ৷ আপুনি নিজৰ স্বাস্থ্যক লৈ চিন্তাত হৈ থাকিব ৷ চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ৷
কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব ৷ ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব ৷ আজি বন্ধু আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ লগতে আপুনি আজি আপুনি প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব ৷ আৰ্থিক লাভৰো যোগ আছে ৷ সামাজিকভাৱে আপুনি সন্মান অৰ্জন কৰিব ৷
তুলা ৰাশি: আপোনাৰ মন আজি দুৰ্বল হৈ থাকিব কাৰণে কোনো সিদ্ধান্ত ল’ব পৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে আজি ৷ আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সংঘাত হ’ব পাৰে ৷ গতিকে নিজৰ মুখত লেকাম টানি ৰাখক ৷ আজি আপুনি আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক ৷
বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ শাৰীৰিক আৰু মানসিকভাৱে আপুনি উত্তম অৱস্থাত থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটোৱাৰ যোগ আছে ৷ আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷ আপুনি সু-সংবাদো পাব পাৰে ৷ সুখকৰ ভ্ৰমণৰ যোগ আছে ৷
ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে জটিল হৈ উঠিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে ৷ ভাবি চিন্তি কথা ক’ব ৷ খং নকৰিব ৷ দুৰ্ঘটনাত পৰিব পাৰে, গতিকে সাৱধানে থাকক ৷ আপোনাৰ শাৰীৰিকভাৱে ভুগিব পাৰে ৷ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
মকৰ ৰাশি: আজি আপুনি বন্ধু আৰু প্ৰিয়নজনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব ৷ আজি আপোনাৰ দিনটো সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায়ক হৈ উঠিব ৷ বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ৷
কুম্ভ ৰাশি: আজি আপোনাৰ বাবে দিনটো ফলদায়ক ৷ আজি আপুনি সহজতে নিজৰ সকলো কামতেই সফল হ’ব, সেয়ে আপুনি আনন্দত থাকিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব, যাৰ ফলত আপোনাৰ পদোন্নতিও হ’ব পাৰে ৷ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আজি ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ সাংসাৰিক জীৱন ভালদৰে পাৰ হ’ব ৷
মীন ৰাশি: দিনৰ আৰম্ভণিত আপোনাৰ মন শান্ত হৈ থাকিব ৷ কিন্তু পিছলৈ আপুনি উগ্ৰ আৰু দুৰ্বল অনুভৱ কৰিব ৷ আপুনি যদি নিজৰ সহকৰ্মীসকলৰ সৈতে সাৱধানে কাম কৰক ৷ আপুনি নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে ৷ অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰতিযোগীসকলৰ সৈতে বিতৰ্কত নোসোমাব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ আপুনি নিজক দুৰ্ভগীয়া বুলি ভাবিব, কিন্তু মনত ৰাখিব, ভাল দিন সকলোৰে আহে ৷ গতিকে ধৈৰ্য ধৰক ৷