মেষ ৰাশি: যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ ভাগ্য ভাল হʼব ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷
বৃষ ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰিব ৷
মিথুন ৰাশি: খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰপৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷
কৰ্কট ৰাশি: সফলতা লাভ কৰিব ৷ লাভ বৃদ্ধি ৷ ধৈৰ্য্যশীল, সহনশীল হ’লে সফল হ’ব ৷ ঘৰটো সজোৱাৰ নতুন পৰিকল্পনা কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷
সিংহ ৰাশি: সক্ৰিয়তা অনুভৱ কৰিব ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’ব পাৰে ৷ দিনটো প্ৰায় ভাল হʼব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
কন্যা ৰাশি: বিচাৰ-ধাৰা উন্নত হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ প্ৰশংসা লাভ ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷ ঘৰটো সজোৱাৰ নতুন পৰিকল্পনা কৰিব পাৰে ৷
তুলা ৰাশি: মানসিক হতাশা হʼব পাৰে ৷ পৰিয়ালৰ লোকৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ ফলত হতাশত ভুগিব ৷ ইয়ে কর্ম জীৱনত প্ৰভাৱ পেলাব ৷
বৃশ্চিক ৰাশি: ব্যৱসায়-কর্মত মনোযোগ দিব ৷ যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
ধনু ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দুৰ হ’ব ৷ দিনটো প্ৰায় ভাল হ’ব ৷
মকৰ ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ ভ্ৰমণত শুভ ৷
কুম্ভ ৰাশি: ব্যৱসায়-কর্মত মনোযোগ দিব ৷ শুভ দিন ৷ সফল হʼব ৷ সন্তানৰ চিন্তা হʼব পাৰে ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ ব্যৱসায়ত ভাল হʼব ৷
মীন ৰাশি: কোনো শুভবাৰ্তা লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ কোনো নতুন ব্যক্তিৰ লগত সংযোগ হʼব ৷ প্ৰেমত মনোযোগ দিব ৷