মেষ ৰাশি : সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
মিথুন ৰাশি : সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হৈ থাকিব ৷ তৰ্ক-বিতৰ্কৰ পাৰ দূৰত থাকক ৷ বন্ধুৰ নামত ব্যয় হ’ব পাৰে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ভ্ৰমণ বাতিল কৰক ৷
ককৰ্ট ৰাশি : আপোনাৰ শান্ত বা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি : দিনটো প্ৰায় শুভ ৷ সহোদৰৰ সৈতে সম্পৰ্ক উন্নত ৷ ভ্ৰমণৰ যোগ ৷ যি কৰ্মই নকৰক কিয়, সফলতা লাভ কৰিব ৷
কন্যা ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ লক্ষ্যত সফল ৷ অৱশ্য বন্ধুৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷
তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ আৰ্থিক দিশটোৰ প্ৰায় উন্নত ৷ কৰ্মত সৃজনশীলতা বৃদ্ধি ৷ কৰ্মত মনোযোগীতা বৃদ্ধি হ’ব ৷ অৱশ্যে খৰচ বৃদ্ধি ৷
বৃশ্চিক ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷ এলাহ পৰিহাৰ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷
ধনু ৰাশি : আমদানি-ৰপ্তানিত সফলতা লাভ ৷ সৰু যাত্ৰা হ’ব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ ব্যৱসায় সফল ৷
মকৰ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ পৰিষ্কাৰ-পৰিচন্নতা অৱলম্বন কৰক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷
মীন ৰাশি : দিনটো শুভ ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰক ৷ বন্ধু বৰ্গৰ লগতে প্ৰেমৰ সম্পর্কত থকা ব্যক্তিৰ সৈতে পাৰ্টি হʼব পাৰে ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷