মেষৰাশি: আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব । আপোনাৰ ঘৰোৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ আছে । বন্ধু আৰু প্ৰিয়জনৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । তেওঁলোকৰ পৰা উপহাৰো পাব পাৰে, যাৰ ফলত আপুনি আনন্দ পাব ।
বৃষৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল নাযাব পাৰে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰোৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব পৰা নোৱাৰিব পাৰে । অধিক ব্যয়ৰ যোগ আছে । কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো ভাল ফল নোপোৱাৰ বাবে আপোনাৰ মন বেয়া লাগিব । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।
মিথুনৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰ পৰা সু-সংবাদ পাব পাৰে । বন্ধুসকলৰ সৈতে সাক্ষাতৰ পিচত আনন্দিত হ’ব । বিবাহ প্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব
।
কৰ্কট ৰাশি: বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰ পৰা প্ৰচুৰ সহযোগিতা পাব । পদোন্নতিও হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপিও আপোনাৰ স্বাস্থ্যৰ উপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।
সিংহৰাশি: আজি আপুনি ধৰ্মীয় ক্ৰিয়া-কলাপৰ সৈতে যুক্ত হ’ব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো ভাল । আপুনি যদি কোনো কাম কৰিব বুলি ভাবি লয় আজি, তেতিয়া হ’লে সেই কাম শেষ কৰাৰ কাৰণে আপুনি সকলো চেষ্টাই কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ মুখত পৰিব পাৰে । আপোনাৰ ঊৰ্ধ্বতনসকলে অসন্তুষ্ট হৈ থাকিব, যাৰ বাবে আপোনাৰ ভাল নালাগিব । আজি আপুনি মধ্যমীয়া ধৰণে সুস্থ হৈ থাকিব ।
কন্যাৰাশি: আজি কিবা কোৱাৰ আগত দশবাৰ ভাবিব । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । আজি আপুনি বিৰক্ত হৈ থাকিব, খং উঠি থাকিব আপোনাৰ । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ ফলত আপোনাৰ বেয়া লাগি থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰ পৰা সাৱধানে থাকিব ।
তুলাৰাশি: প্ৰিয়জন আৰু বন্ধুসকলৰ সৈতে মনোৰঞ্জনমূলক ক্ৰিয়াকলাপত যুক্ত হৈ আপুনি আনন্দ পাব । ভ্ৰমণৰ কাৰণে দিনটো ভাল । আজি আপুনি কাপোৰ আৰু ইলেকট্ৰনিক বস্তু ক্ৰয় কৰিব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ সন্মান বৃদ্ধি হ’ব ।
বৃশ্চিকৰাশি: আজি গোটেই দিন আপোনাৰ ঘৰোৱা পৰিৱেশ উলহ-মালহেৰে পূৰ্ণ হৈ থাকিব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া হৈ থাকিব । আজি আপোনাৰ প্ৰতিপক্ষসকলে পৰাস্ত হ’ব । আপুনি সহকৰ্মীসকলৰ পৰা সহায় পাব । বান্ধৱীক লগ পাই আপোনাৰ ভাল লাগিব । আৰ্থিক লাভ হ’ব পাৰে । ৰৈ থকা কামবোৰ শেষ কৰিব পাৰিব । যিসকলে অসুস্থ হৈ আছিলে তেওঁলোকে কিছু সুস্থ হৈ উঠিব ।
ধনুৰাশি: ব্যৰ্থতাৰ কাৰণে হতাশ হৈ নপৰিব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । সন্তানক লৈ দুশ্চিন্তাত থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।
মকৰৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি ভালে থাকিব । আপোনাৰ পৰিয়ালক লৈ অপ্ৰত্যাশিত ঘটনাৰ ফলত আপুনি উদ্বিগ্ন হৈ থাকিব । অনিদ্ৰাই আপোনাক দিগদাৰ দিব পাৰে । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । আপোনাৰ সুনাম নষ্ট হ’ব পৰা ঘটনা ঘটিব পাৰে ।
কুম্ভৰাশি: আজি আপুনি মানসিক যন্ত্ৰণাৰ পৰা কিছু সকাহ পাব । আজি আপুনি দিনটো আনন্দৰ মাজেৰে পাৰ কৰিব । বন্ধু আৰু প্ৰিয়জনক লগ পোৱাৰ যোগ আছে । আজি আপুনি গুৰুত্বপূৰ্ণ কোনো কাম কৰিব পাৰে । সৰুসুৰা ভ্ৰমণ হ’ব পাৰে ।
মীনৰাশি: আজি কিবা কোৱাৰ আগত দশবাৰ ভাবিব । যদি এনেকুৱা কৰিব নোৱাৰে, তেতিয়া হ’লে আপোনাৰ চাৰিও ফালৰ পৰিৱেশ প্ৰতিকূল হৈ পৰিব । ব্যয় নিয়ন্ত্ৰণ কৰাৰ ফালেও চকু দিব । আৰ্থিক বিষয়ত সাৱধানে থাকিব । আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । আত্মীয়-স্বজনৰ সৈতে অনাকাংক্ষিত কিছু ঘটনা আপোনাৰ আৰু তেওঁলোকৰ মাজত কিছু নেতিবাচক অৱস্থাৰ সৃষ্টি কৰিব । অধিক ভোজন এৰাই চলক ।