মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ নতুন কাম হাতত ল’ব পাৰে ৷ শুভ দিন ৷ খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব ৷ কথা কওঁতে সাৱধান ৷ ভ্ৰমণত শুভ ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ দিনটো অনুকূল নহয় ৷ সিদ্ধান্ত গ্ৰহণ কৰোতে অসুবিধা হ’ব ৷ সুযোগ হেৰুৱাব ৷ নিজৰ কামত মনোযোগ দিয়ক আৰু চিন্তাধাৰা স্পষ্ট ৰাখক ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক ৷
মিথুন ৰাশি: প্ৰিয়জন তথা বন্ধুৰ সৈতে হাঁহি-ফুৰ্তিৰে দিনটো কটাব পাৰে ৷ ভ্ৰমণত শুভ ৷ আৰ্থিক দিশত লাভৱান হ’ব ৷ ব্যয়ক নিয়ন্ত্ৰণত ৰাখক আৰু ভাবি চিন্তি খৰচ কৰক ৷ নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক ৷
কৰ্কট ৰাশি: দিনটো উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব ৷ হতাশাগ্ৰস্ত হৈ থাকিব ৷ তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক ৷ ভাবি চিন্তি খোৱা-লোৱা কৰক ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ পৰিস্থিতি অনুকূলত থাকিব ৷ সজাগ হৈ থাকিব ৷ নতুন প্ৰকল্প বা কাম আৰম্ভ নকৰিব ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক ৷ নতুন প্ৰকল্প হাতত ল’ব পাৰে ৷ পদোন্নতি লাভৰ আশা কৰিব পাৰি ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা পাব পাৰে ৷ ব্যক্তিগত ক্ষেত্ৰতো দিনটো মখমলৰ দলিচাত খোজ দিয়াৰ দৰে নিমজকৈ আগুৱাই যাব ৷
তুলা ৰাশি: বৌদ্ধিক ক্ৰিয়াকলাপত তীব্ৰ আকাংক্ষা অনুভৱ কৰিব ৷ সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ কাৰণে দিনটো ভাল ৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা পাব ৷ ব্যৱসায়ীসকলৰ কাৰণে শুভ ৷ স্বাস্থ্যকৰ খাদ্য ভোজন কৰক ৷ তীৰ্থযাত্ৰা হ’ব পাৰে ৷
বৃশ্চিক ৰাশি: দিনটো বৰ ভাল নহয় ৷ সজাগ হৈ থাকিব ৷ নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ নকৰিব ৷ প্ৰচণ্ড খেলেমেলি হ’ব পাৰে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ যি কোনো ধৰণৰ অনৈতিক বা বে আইনী কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷
ধনু ৰাশি: দিনটো আনন্দৰে কটাব ৷ বিভিন্ন সংস্কৃতিৰ মানুহক লগ পাব পাৰে ৷ প্ৰমোদভ্ৰমণৰ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ধনু ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ সন্মান অৰ্জন কৰিব ৷
মকৰ ৰাশি: ব্যৱসায়ী, বৃত্তিধাৰী, গৃহবধূ আৰু পঢ়ুৱৈসকলৰ বাবে দিনটো শুভ ৷ দিনটো আৰামদায়ক আৰু স্বস্তিদায়ক হ’ব ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷
কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে সমস্যাত পেলাব পাৰে ৷ নতুন প্ৰকল্পৰ কামত হাত নিদিব, ভ্ৰমণ এৰাই চলক ৷ দিনটো উদ্বিগ্নতাৰে কটাব ৷ মহিলাসকলে আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ সকলো সময়তে শান্ত হৈ থাকক ৷
মীন ৰাশি: দিনটো সমস্যাৰে যাব ৷ স্বাস্থ্যৰ যতন লওক ৷ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব ৷