ETV Bharat / bharat

ৱৰ্লি শ্মশানত সম্পন্ন চাইৰাছ মিস্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া

author img

By

Published : Sep 6, 2022, 12:07 PM IST

মঙলবাৰে পুৱা ১০ বজাত সম্পন্ন টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া(Cyrus Mistry funeral) । মুম্বাইৰ ৱৰ্লি শ্মশানত সম্পন্ন কৰা হয় মিস্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া(Mistry last rites at Worli crematorium)। দেওবাৰে মুম্বাইত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ ।

cyrus mistry funeral at worli crematorium today
ৱৰ্লি শ্মশানত সম্পন্ন চাইৰাছ মিস্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া

নেশ্যনেল ডেস্ক,৬ ছেপ্তেম্বৰ: টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ অন্তিম সংস্কাৰ মঙলবাৰে মুম্বাইৰ ৱৰ্লি শ্মশানত সম্পন্ন কৰা হয়(Mistry last rites at Worli crematorium) । পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় অন্ত্যেষ্টিক্ৰিয়া(Cyrus Mistry funeral) । দেওবাৰে মুম্বাইত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ(former Tata Sons chairman Cyrus Mistry died) । মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ সমীপৱৰ্তী মুম্বাইত এটা ডিভাইডাৰত মিস্ত্ৰীৰ বাহনখনে খুন্দা মৰাৰ ফলতেই মৃত্যু হৈছিল মিস্ত্ৰীৰ(Cyrus Mistry killed in road accident near Mumbai)।

পালঘৰ আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁ আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা কৰাৰ সময়তে সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনাটো । গাড়ীখনত থকা চাৰিজন যাত্ৰীৰ ভিতৰত মিস্ত্ৰীকে ধৰি দুজনৰ ঘটনাস্থলীত মৃত্যু হৈছিল আৰু আন দুজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল(Cyrus Mistry died in road accident) । আন এজন মৃতক জাহাংগীৰ দিনশা পাণ্ডোলে বুলি চিনাক্ত কৰা হৈছিল । আঘাতপ্ৰাপ্ত আনায়াতা পাণ্ডোলে আৰু ডাৰিউচ পাণ্ডোলে বৰ্তমানো এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে(Former chairman of Tata Sons Cyrus Mistry) ।

আৰক্ষীৰ মতে গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুত গতিত খুন্দা মাৰিছিল ডিভাইডাৰত । আনহাতে সেই সময়ত তাত উপস্থিত থকা চিকিৎসকজনে কয় যে, গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ পিছত টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষজনে মূৰত আঘাত পাইছিল । তেওঁক চিকিৎসালয়লৈ মৃত অৱস্থাত লৈ যোৱা হৈছিল ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি (post mortem report of Cyrus Mistry), দুৰ্ঘটনাটোত গুৰুতৰ আভ্যন্তৰীণ আঘাতৰ ফলত চাইৰাছ মিস্ত্ৰীৰ মৃত্যু হয় । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক পলিট্ৰমা (polytrauma) বুলি কোৱা হয় । ফলস্বৰূপে, চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয় (Cyrus Mistry died of severe internal injuries) । উল্লেখ্য, চাইৰাছ আৰু জাহাংগীৰৰ মৰণোত্তৰ পৰীক্ষা দেওবাৰে নিশা মুম্বাইৰ জে জে হাস্পতালত কৰা হয় ।

লগতে পঢ়ক: গুৰুতৰ আভ্যন্তৰীণ আঘাতৰ ফলত মৃত্যু চাইৰাছ মিস্ত্ৰীৰ : মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.