ETV Bharat / bharat

গুৰুতৰ আভ্যন্তৰীণ আঘাতৰ ফলত মৃত্যু চাইৰাছ মিস্ত্ৰীৰ : মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি (post mortem report of Cyrus Mistry), দুৰ্ঘটনাটোত গুৰুতৰ আভ্যন্তৰীণ আঘাতৰ ফলত চাইৰাছ মিস্ত্ৰীৰ মৃত্যু হয় । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক পলিট্ৰমা (polytrauma) বুলি কোৱা হয় । ফলস্বৰূপে, চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয় (Cyrus Mistry died of severe internal injuries) ।

Cyrus Mistri
Cyrus Mistri
author img

By

Published : Sep 5, 2022, 7:12 PM IST

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : দেওবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হয় টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ (Cyrus Mistry died in road accident) । দুৰ্ঘটনাটোত থিতাতে হয় চাইৰাছ মিস্ত্ৰীৰ । দুৰ্ঘটনাৰ পিছত কচ্চৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় চাইৰাছ মিস্ত্ৰীক । সেই সময়ত তাত উপস্থিত থকা চিকিৎসকজনে কয় যে, গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ পিছত টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষজনে মূৰত আঘাত পাইছিল । তেওঁক চিকিৎসালয়লৈ মৃত অৱস্থাত লৈ যোৱা হৈছিল (former Tata Sons chairman Cyrus Mistry died)।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি (post mortem report of Cyrus Mistry), দুৰ্ঘটনাটোত গুৰুতৰ আভ্যন্তৰীণ আঘাতৰ ফলত চাইৰাছ মিস্ত্ৰীৰ মৃত্যু হয় । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক পলিট্ৰমা (polytrauma) বুলি কোৱা হয় । ফলস্বৰূপে, চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয় (Cyrus Mistry died of severe internal injuries) । উল্লেখ্য, চাইৰাছ আৰু জাহাংগীৰৰ মৰণোত্তৰ পৰীক্ষা দেওবাৰে নিশা মুম্বাইৰ জে জে হাস্পতালত কৰা হয় । বৰ্তমান তাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য, পালঘৰ আৰক্ষীয়ে জনোৱা অনুসৰি, আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা পথত মিস্ত্ৰীৰ গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰে । গাড়ীখনত মুঠ চাৰিজন লোক আছিল (Cyrus Mistry killed in road accident near Mumbai) । তাৰে ভিতৰত মিস্ত্ৰীকে ধৰি দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু বাকী দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ডাঃ শুভম সিঙে কয়, "প্ৰথমতে দুজন ৰোগীক অনা হৈছিল । তেওঁলোক হৈছে চাইৰাছ মিস্ত্ৰী আৰু জাহাংগীৰ দিনশা পাণ্ডোল । তেওঁলোক দুয়োকে মৃত অৱস্থাত অনা হৈছিল । তেওঁলোকক লৈ অহা স্থানীয় লোকসকলে আমাক কৈছিল যে চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হৈছে । জাহাংগীৰ দিনশা পাণ্ডোল ঘটনাস্থলীত জীৱিত আছিল । কিন্তু হাস্পতাললৈ অনাৰ যাত্ৰাপথতে তেওঁৰ মৃত্যু হয় । আমি সন্ধিয়া প্ৰায় ৫ বজাত তেওঁক মৃত ঘোষণা কৰোঁ" ৷

"10 মিনিটৰ পিছত দ্বিতীয় এম্বুলেন্সখনে আন দুজন আহতক লৈ আহে । তেওঁলোক দুয়োকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু উচ্চ কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হয় । তাৰ পিছত তেওঁলোকৰ আত্মীয়সকলে তেওঁলোকক ৰামধেনু চিকিৎসালয়লৈ স্থানান্তৰিত কৰে । তাৰ পৰা তেওঁলোকক বিমানেৰে মুম্বাইলৈ লৈ যোৱা হয় ।" তেওঁ লগতে কয় । আনহাতে, চিকিৎসকে মৰণোত্তৰ পৰীক্ষা চৰকাৰী চিকিৎসালয়ত কৰিব লাগিব বুলি কয় । কিন্তু হাস্পতাল কৰ্তৃপক্ষই জিলা উপায়ুক্তৰ পৰা পোৱা এটা ফোন কলত কোৱা হয় যে, তেওঁলোকক বিশেষজ্ঞৰ মতামতৰ বাবে জে জে চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগিব ।

"চাইৰাছ মিস্ত্ৰীৰ মূৰত আঘাত আছিল আৰু জাহাংগীৰ ডিনছাৰ বাওঁ ভৰি ভাঙিছিল আৰু মূৰত আঘাত পাইছিল । তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা ইয়াত হ'ব লাগিছিল, কিন্তু আমি জিলা উপায়ুক্ত আৰু এছপিৰ পৰা ফোন পাইছিলোঁ যে বিশেষজ্ঞৰ মতামতৰ বাবে তেওঁলোকক জে জে চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগিব ।" ডাঃ শুভমে কয় ।

আনহাতে, পালঘৰৰ আৰক্ষী অধীক্ষক বালাচাহেব পাটিলৰ মতে, অত্যধিক দ্ৰুত গতিত গাড়ী চলোৱাৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । "প্ৰাথমিকভাৱে এনে লাগে যে চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । অধিক বিৱৰণ কেৱল অনুসন্ধানৰ পিছতহে প্ৰকাশ কৰা হ'ব । কিন্তু প্ৰাথমিকভাৱে দেখা গৈছে যে দুৰ্ঘটনাটো অত্যধিক দ্ৰুত গতিত হোৱাৰ বাবে সংঘটিত হৈছিল আৰু চালকজনে সঠিক সিদ্ধান্ত ল'ব পৰা নাছিল । গাড়ীখনত 4 জন লোক আছিল, যাৰ ভিতৰত এগৰাকী মহিলা আছিল আৰু মহিলাগৰাকীয়ে গাড়ীখন চলাই আছিল । বৰ্তমান মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে ।" আৰক্ষী বিষয়াজনে কয় ।

লগতে পঢ়ক :আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.