ETV Bharat / bharat

'টাউতে' ঘূৰ্ণীবতাহে আজি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব মুম্বাইত

দেওবাৰে মুম্বাইত 'টাউতে' ঘূৰ্ণীবতাহ ধুমুহা পৰিণত হোৱাৰ সম্ভাৱনা আছে । প্ৰতি ঘণ্টাত গতিবেগ ৮০ কিলোমিটাৰতকৈয়ো অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে 'টাউতে' । এই 'টাউতে' ঘূৰ্ণীবতাহৰ তাণ্ডৱ ৰূপৰ তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক মুম্বাইৰ জাম্বো ক'ভিড কেন্দ্ৰৰ পৰা মুঠ ৫৮০ গৰাকী ক'ভিড ৰোগীক নিশা বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰ কৰে ।

author img

By

Published : May 16, 2021, 3:52 PM IST

Mumbai taukte
'টাউতে' ঘূৰ্ণীবতাহে আজি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব মুম্বাইত

নেশ্যনেল ডেস্ক, ১৬ মে': দেওবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 'টাউতে' ঘূৰ্ণীবতাহে ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰে । এই টাউতে' ঘূৰ্ণীবতাহ আৰৱ সাগৰৰ সমীপৰ মুম্বাইৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা কৰা হৈছে । লগতে প্ৰৱল বৃষ্টিপাত আৰু প্ৰচণ্ড বতাহৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা জাৰি কৰে ।

শনিবাৰে মুম্বাইত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ আছিল । কিন্তু দেওবাৰে সন্ধিয়া ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ লৈ বৃদ্ধি হ'ব । আনকি চহৰখনৰ কোনো কোনো ঠাইত প্ৰতি ঘণ্টাত গতিবেগ ৮০ কিলোমিটাৰলৈও অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান বিভাগৰ এই সম্ভাৱনা অনুসৰি, দুয়োদিনে অৰ্থাৎ সোমবাৰ আৰু মংগলবাৰে মুম্বাইৰ লোকসকলক ঘৰৰ পৰা কোনোপধ্যে বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়া হৈছে । তদুপৰি, মুম্বাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে ।

'টাউতে' ঘূৰ্ণীবতাহৰ তাণ্ডৱ ৰূপৰ তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে দহিচাৰ, বান্দ্ৰা-কুৰ্লা কমপ্লেক্স আৰু মুলুন্দৰ ক'ভিড কেন্দ্ৰৰ পৰা মুঠ ৫৮০ গৰাকী ক'ভিড ৰোগীক নিশা বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰ কৰে ।

এই সন্দৰ্ভত শনিবাৰে বিয়লি এখন পৰিকল্পনা আৰু পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছিল । অতিৰিক্ত পৌৰ আয়ুক্ত (পশ্চিম উপনগৰ) সুৰেশ কাকানি, উপায়ুক্ত (জনস্বাস্থ্য) দেৱীদাস ক্ষীৰসাগৰ, মুখ্য চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক ডাঃ ৰমেশ ভৰমাল আৰু সঞ্চালক (দুৰ্যোগ ব্যৱস্থাপনা) মহেশ নাৰ্ভেকাৰৰ লগতে বিভিন্ন চিকিৎসালয়ৰ অধীক্ষক আৰু উপায়ুক্তসকল উপস্থিত আছিল ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৱৰ্লি-বান্দ্ৰাত যান-বাহন চলাচল বন্ধ ৰখা হৈছে । পৰৱৰ্তী সময়ত পৰিস্থিতি চাই বুজি যান-বাহন চলাচলৰ পুনৰ খোলা বা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হ'ব বুলি কোৱা হয় এই বৈঠকত । অতিৰিক্ত পৌৰ আয়ুক্ত কাকানীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অক্সিজেন চিলিণ্ডাৰ, এম্বুলেন্স আৰু উপযুক্ত বেজীৰ সৈতে সুৰক্ষিতভাৱে ক'ভিড ৰোগীসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে বৈঠকত ঘোষণা কৰা হয় যে মুম্বাইৰ যিসমূহ প্ৰকাণ্ড প্ৰকাণ্ড বিপদজনক গছ আছে সেই গছবোৰ ইতিমধ্যে কটা হৈছে । লগতে ডাঙৰ ডাঙৰ হৰ্ডিংবোৰো তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে । এন ডি আৰ এফ বাহিনীৰ লোকসকলো ইতিমধ্যে সাজু হৈছে । সকলোতে এতিয়া সাৱধানতামূলক ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।

লগতে পঢ়ক: ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.