ETV Bharat / bharat

Cyclone Biparjoy : ৮ উপকূলীয় জিলাৰ পৰা ৯৪ হাজাৰোধিক লোকক স্থানান্তৰ; সষ্টম এনডিআৰএফ, সেনা, উপকূলৰক্ষী বাহিনী

author img

By

Published : Jun 15, 2023, 7:02 PM IST

ঘূৰ্ণীবতাহ বিপৰ্যয়ে বৃহস্পতিবাৰে স্থলভাগত আঘাত কৰিছে । যাৰ বাবে কৰ্তৃপক্ষই গুজৰাটত লোকসকলক স্থানান্তৰিত কৰাৰ বাবে সক্ৰিয় হৈ উঠিছে । আনহাতে, বিপদৰ সময়ত যাতে অতি নিম্ন ক্ষতি নিশ্চিত কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে । সেনা, নৌসেনা, এনডিআৰএফ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ সকলো পক্ষয়ে এই প্ৰাকৃতিক ক্ৰোধৰ সন্মুখীন হ'বলৈ হাতত হাত ধৰি আছে ।

Cyclone Biparjoy
Cyclone Biparjoy

নিউজ ডেস্ক, ১৫ জুন : গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰ চাপিছে ঘূৰ্ণীবতাহ বিপৰ্যয় । বৃহস্পতিবাৰে নিশাৰ ভাগত ঘূৰ্ণীবতাহ বিপৰ্যয়ে স্থলভাগত খুন্দা মাৰিব । তাৰ পূৰ্বে কৰ্তৃপক্ষই আঠখন উপকূলীয় জিলাত বাস কৰা ৯৪,০০০-ৰো অধিক লোকক অস্থায়ী আশ্ৰয়লৈ স্থানান্তৰিত কৰিছে ।

আনহাতে, গুজৰাট চৰকাৰে প্ৰকাশ কৰিছে যে বৰ্তমানলৈকে স্থানান্তৰ কৰা ৯৪,৪২৭ জন ব্যক্তিৰ ভিতৰত কচ্ছ জিলাত প্ৰায় ৪৬,৮০০ জন, দেৱভূমি দ্বাৰকাত ১০,৭৪৯ জন, জামনগৰত ৯,৯৪২ জন, মৰবিত ৯,২৪৩ জন, ৰাজকোটত ৬,৮২২ জন, জুনাগড়ত ৪,৮৬৪ জন, পোৰবন্দৰত ৪,৩৭৯ জন আৰু গিৰনাথ জিলাত ১,৬০৫ জন লোকক স্থানান্তৰ কৰা হৈছে ।

উদ্ধাৰ প্ৰচেষ্টাৰ বিৱৰণ দি এগৰাকী চৰকাৰী বিষয়াই কয় যে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা সকলৰ ভিতৰত আছে প্ৰায় ৮,৯০০ টি শিশু, ১,১৩১ গৰাকী গৰ্ভৱতী মহিলা আৰু ৪,৬৯৭ গৰাকী বৃদ্ধ ব্যক্তি । তেওঁ লগতে কয় যে এই আঠখন জিলাত মুঠ ১,৫২১ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । চিকিৎসা দলবোৰে নিয়মীয়া ব্যৱধানত আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি আছে বুলিও তেওঁ কয় ।

উল্লেখ্য, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বিপৰ্যয়ে বৃহস্পতিবাৰে নিশা গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰত স্থলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে লগতে কয় যে এই সময়ছোৱাত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত সৰ্বাধিক ১৪০ কিলোমিটাৰ হোৱাৰ লগতে এক অতি তীব্ৰ ঘূৰ্ণীবতাহে সন্ধিয়াভাগত স্থলভাগত খুন্দা মাৰিব । শেহতীয়া বুলেটিনত বতৰ বিজ্ঞান বিভাগে কৈছে যে ঘূৰ্ণীবতাহৰ স্থলভাগত প্ৰভাৱ পেলোৱাৰ প্ৰক্ৰিয়া সন্ধিয়া আৰম্ভ হ'ব আৰু মাজনিশালৈকে চলিব । লগতে কৈছে যে এই ঘূৰ্ণীবতাহৰ ফলত অত্যধিক মাত্ৰাত ধাৰাসাৰ বৰষুণ আনিব আৰু ২-৩ মিটাৰ উচ্চতাৰ ধুমুহাৰ সৈতে এক জ্যোতিৰ্বৈজ্ঞানিক জোৱাৰৰ সৃষ্টি কৰিব; যিয়ে কচ্ছ, দেৱভূমি দ্বাৰকা, পোৰবন্দৰ, জামনগৰ আৰু মৰবি জিলাৰ দ অঞ্চলসমূহক প্লাবিত কৰিব পাৰে ।

এই দুৰ্যোগৰ মুখামুখী হ'বলৈ কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১৫ টা দল, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২ টা দলৰ লগতে ভাৰতীয় সেনা, নৌসেনা, বায়ু সেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত কৰা হৈছে ।

সমান্তৰালভাৱে পাকিস্তানতো দক্ষিণ সিন্ধু প্ৰদেশৰ পৰা প্ৰায় ৬২,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । এই ঘূৰ্ণীবতাহে সিন্ধৰ থাট্টা জিলাৰ কেটি বান্দৰ বন্দৰ আৰু ভাৰতৰ কচ্ছ জিলাৰ মাজত স্থলভাগত আঘাত কৰিব বুলি আশা কৰা হৈছে ।

ইফালে বৃহস্পতিবাৰে পুৱাতে অতি তীব্ৰ ঘূৰ্ণীবতাহে উপকূলত আক্ৰমণ কৰিলে কোনো মানৱ ক্ষতি নোহোৱাটো নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষই উপকূলীয় অঞ্চলবোৰত তৎপৰতা আৰু স্থানান্তৰ অভিযান পুনৰ আৰম্ভ কৰে । গুজৰাট চৰকাৰে আঠখন উপকূলীয় জিলাৰ অসুৰক্ষিত অঞ্চলৰ পৰা ৭৪,০০০-ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে ।

উল্লেখ্য, কচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰত স্থলভাগত খুন্দা মৰাৰ সম্ভাৱনা থকা এই ঘূৰ্ণীবতাহে ইতিমধ্যে সৌৰাষ্ট্ৰ-কচ্ছ অঞ্চলৰ কিছু অংশলৈ ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহ কঢ়িয়াই আনিছে । যাৰ ফলত বতৰ বিজ্ঞান কাৰ্যালয়ে গুজৰাট, কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, গোৱা, দমন দিউ, লক্ষদ্বীপ, দাদৰ আৰু নগৰ হাভেলিৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক :Cyclone Biparjoy : আমেৰিকাৰ মহাকাশচাৰীৰ কেমেৰাত বন্দী বিপৰ্যয়ৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.