ETV Bharat / bharat

Cyclone Biparjoy : গুজৰাটত বিপৰ্যয়ৰ তাণ্ডৱ: আজি ৰাজস্থানত কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা - উপস্থিত হয় বিপৰ্যয় ঘূৰ্ণীবতাহ

অব্যাহত আছে বিপৰ্যয়ৰ ধ্বংসলীলা ৷ বতৰ বিজ্ঞান বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে ৰাজস্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ সষ্টম হৈ আছে জিলা প্ৰশাসনৰ বিষয়ববীয়া ৷

Cyclone Biparjoy Storm
ৰাজস্থানত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস
author img

By

Published : Jun 16, 2023, 9:44 AM IST

Updated : Jun 16, 2023, 2:11 PM IST

ৰাজস্থানত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস

নেশ্যনেল ডেস্ক, 16 জুন : বৃহস্পতিবাৰে সন্ধিয়া গুজৰাটৰ উপকূলীয় অঞ্চলত তাণ্ডৱ চলায় বিপৰ্যয় ঘূৰ্ণীবতাহে । এই তীব্ৰবেগী ধুমুহাৰ ফলত দুই পিতা-পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও 22 জন লোক আহত হোৱাৰ তথ্য লাভ কৰা হৈছে । জানিব পৰা মতে, এই দুৰ্যোগৰ ফলত 200 টা বিদ্যুতৰ খুঁটা আৰু 250 ডাল গছ উভালি পৰিছে । আনহাতে, যুদ্ধংদেহী ৰূপত চলি আছে উদ্ধাৰ অভিযান ৷

গুজৰাটৰ সাহায্য আয়ুক্ত আলোক সিঙে কয় যে এই ধুমুহাৰ ফলত এই পৰ্যন্ত 23 টা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে গুজৰাটৰ বিভিন্ন স্থানত প্ৰচণ্ড বতাহৰ ফলত 524 জোপাতকৈও অধিক গছ আৰু বিদ্যুতৰ খুঁটা বাগৰি পৰিছে । ফলত প্ৰায় 940 খন গাঁৱত ব্যাহত হৈ আছে বিদ্যুতৰ যোগান । ইফালে এই ধুমুহাৰ আগমনৰ লগে লগে ৰাজ্যখনৰ সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলত প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে মুষলধাৰ বৰষুণো হৈছে ।

চৰকাৰী বিষয়াই জনোৱা মতে, ইতিমধ্যে কেবাটাও উদ্ধাৰকাৰী দল সষ্টম হৈ আছে । হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই । বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, বিপৰ্যয় ঘূৰ্ণীবতাহ অতি ভয়াৱহতাৰে সৌৰাষ্ট্ৰ আৰু কচ্ছ অঞ্চলৰ দিশে আগুৱাই গৈছে ।

সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলৰ বাবে ঘূৰ্ণীবতাহৰ সতৰ্কবাণী :

সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলৰ ওচৰৰ জাখৌ বন্দৰৰ পৰা 10 কিলোমিটাৰ পশ্চিমে থকা দেৱভূমি দ্বাৰকাত ঘূৰ্ণীবতাহ বিপৰ্যয়ে ঘণ্টাত 120 কিলোমিটাৰ বেগত স্থলভাগত প্ৰৱেশ কৰিছে ৷ ফলত ব্যাহত হৈ পৰিছে ৰে’ল সেৱাও ৷ আনকি বাতিল কৰা হৈছে কেবাখনো ৰে’ল ৷

ইফালে, বৃহস্পতিবাৰে পুৱা গান্ধী নগৰস্থিত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে বুধবাৰে আইএমডিয়ে সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছিল ৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে পুৱাৰ ভাগত ঘূৰ্ণীবতাহ বিপৰ্যয় কিছু শান্ত হ’ব যদিও বিয়লি ভাগলৈ ইয়াৰ গতিবেগ অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷ আইএমডিৰ বিষয়াই জনোৱা মতে, সৌৰাষ্ট্ৰ-কচ্ছ অঞ্চলৰ ওপৰত কেন্দ্ৰিত হৈ থকা এই ভয়াৱহ ঘূৰ্ণীবতাহ উত্তৰ-পূব দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে ।

ৰাজস্থানত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস :

বৃহস্পতিবাৰে ৰাজস্থানত ধাৰাসাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছিল ৷ আইএমডিয়ে এক টুইটযোগে কয় যে ঘূৰ্ণীবতাহৰ ধুমুহা নলিয়াৰ পৰা 30 কিলোমিটাৰ উত্তৰত অৱস্থিত সৌৰাষ্ট্ৰ-কচ্ছ অঞ্চলৰ ওপৰত কেন্দ্ৰ কৰি বিয়লি প্ৰায় 2:30 বজালৈকে অৱস্থান কৰিছিল ।

তথ্য অনুসৰি, বিপৰ্যয়ে উত্তৰ-পূব দিশলৈ গতি কৰি গুজৰাটৰ জাখৌ বন্দৰৰ সমীপত পাকিস্তান উপকূলৰ গাতে লাগি থকা সৌৰাষ্ট্ৰ-কচ্ছ পাৰ হৈ গৈছে । এই ঘূৰ্ণীবতাহৰ তীব্ৰতা ঘণ্টাত 105-115 কিলোমিটাৰলৈ হ্ৰাস পাইছে । আজি অৰ্থাৎ শুকুৰবাৰে ৰাজস্থানত বিপৰ্যয়ে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰায়ে প্ৰকট হৈছে বুলি পৰিছে ৷

পানীত আবদ্ধ হৈ থকা গৰু উদ্ধাৰ কৰাৰ সময়তে মৃত্যু পিতৃ-পুত্ৰ :

গুজৰাটত বিপাৰজয় ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰচণ্ড বৰষুণৰ মাজতে বৃহস্পতিবাৰে ভৱনগৰৰ এটা নলাত আৱদ্ধ হৈ পৰে এটা গৰু ৷ সেই গৰুটো উদ্ধাৰ কৰিবলৈ যাওঁতেই মৃত্যু হয় পিতৃ-পুত্ৰৰ ৷ মৃত লোক দুজনৰ নাম ক্ৰমে ৰামজী পৰমাৰ 955) আৰু তেওঁৰ পুত্ৰ ৰাকেশ পাৰমাৰ (22) ৷

লগতে পঢ়ক : Cyclone Biparjoy : আজি বিয়লি গুজৰাটত প্ৰৱেশৰ সম্ভাৱনা, বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ সাজু নৌসেনা

Last Updated : Jun 16, 2023, 2:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.