ETV Bharat / bharat

হোৱাটছ এপ ভিডিঅ’ কলৰ বাবেই 19.23 লাখ টকা হেৰুৱালে এজন লোকে

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:32 PM IST

অজ্ঞাত নম্বৰৰ পৰা অহা হোৱাটছ এপ কল অথবা ফোন কলৰ পৰা সাৱধান হওক ৷ চাইবাৰ অপৰাধীৰ এটা হোৱাটছ এপ ভিডিঅ’ কলৰ বাবে 19.23 লাখ টকা হেৰুৱালে এজন লোকে ৷

Etv BharatCyber Criminals Looted Rs. 19 lakhs with a single Whatsapp video call
Etv Bharatহোৱাটছ এপ ভিডিঅ’ কলৰ বাবেই 19.23 লাখ টকা হেৰুৱালে এজন লোকে

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : দেশজুৰি দৈনিক বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা । ইতিমধ্য়ে চাইবাৰ অপৰাধীয়ে পেলোৱা জালত ভৰি দি বহু লোকে গাঁঠিৰ ধন হেৰুৱাইছে ৷ এইবাৰ চাইবাৰ অপৰাধীৰ হাতত 19.23 লাখ টকা হেৰুৱালে হায়দৰাবাদ চহৰৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ৷

এটা হোৱাটছএপ ভিডিঅ’ কলৰ দ্বাৰা 19.23 লাখ টকা লুটি লৈ গল চাইবাৰ অপৰাধীয়ে ৷ এসপ্তাহৰ পূৰ্বে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে বেংকৰ গ্ৰাহক সেৱা নম্বৰ অনলাইনযোগে বিচাৰিছিল । তেওঁ বেংকৰ গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল ।

তাৰ কিছু সময়ৰ পিচত, বেংকৰ কাৰ্যবাহী বুলি এজন প্ৰৱঞ্চকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনক হোৱাটছএপ যোগে ফোন কৰিছিল । তেওঁক ভিডিঅ’ কলযোগে বেংক একাউণ্টৰ সমস্যা সমাধান কৰিব বুলি কৈছিল ৷ সেই প্ৰৱঞ্চকটোৰ কথা অনুসৰি ভুক্তভোগীজনে ফোনত এটা অজ্ঞাত এপ ইনষ্টল কৰিলে। তেওঁ সেই তথ্য আৰু স্ক্ৰীণশ্বটসমূহ প্ৰৱঞ্চকটোৰ কথামতে তেওঁলৈ প্ৰেৰণ কৰিছিল ৷ তাৰ পিচতে চাইবাৰ অপৰাধীটোৱে ভুক্তভোগী লোকজনৰ বেংক একাউণ্ট নম্বৰৰ বিৱৰণ লাভ কৰিছিল ৷

এই ঘটনাৰ দুদিনৰ পিচত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে গম পালে যে, তেওঁৰ বেংক একাউণ্টৰ পৰা বিভিন্ন একাউণ্টত 19.23 লাখ টকা হস্তান্তৰ কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী লোকজনৰ পত্নীৰ ফোন নম্বৰলৈ এটা হোৱাটছ এপ কল আহিছিল আৰু বেংকৰ বিৱৰণ বিচাৰিছিল ৷ কিন্তু এইবাৰ মহিলাগৰাকীয়ে বেংকৰ তথ্য দিবলৈ অস্বীকাৰ কৰিলে ৷

এই ঘটনাৰ পিচতে ভুক্তভোগী লোকজনে আৰক্ষীৰ কাষ চাপে ৷ ভুক্তভোগীৰ অভিযোগৰ ওপৰত ভিত্তি কৰি হায়দৰাবাদ চাইবাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত কৰে ৷

লগতে পঢ়ক: Cyber crime in Assam: ৰাজ্যত বৃদ্ধি বিত্তীয় চাইবাৰ অপৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.