ETV Bharat / bharat

CWC meeting 2023: নেতাসকলক অনুশাসন আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান খাৰ্গেৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 4:49 PM IST

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ দ্বিতীয় দিনাৰ বৈঠকত মল্লিকাৰ্জুন খাৰ্গেয়ে দলৰ নেতাসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায় । নেতাসকলৰ মাজত বিৰোধিতা আঁতৰাই দলৰ উন্নয়নৰ বাবে কাম কৰিবলৈও তেওঁ আহ্বান জনায় ।

CWC meeting 2023
নেতাসকলক অনুশাসন আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান খাৰ্গেৰ

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দেওবাৰে দলৰ নেতাসকলক অনুশাসন আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান জনায় । তেওঁ নেতাসকলক তেওঁলোকৰ ব্যক্তিগত বিৰোধিতা আঁতৰাই কংগ্ৰেছৰ সফলতাক প্ৰাথমিকতা দিবলৈ আৰু দলটোৰ ক্ষতি কৰিব পৰা কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।

খাৰ্গেয়ে কংগ্ৰেছ ৱৰ্কিং কমিতিৰ বৈঠকত আগন্তুক নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ আহ্বান জনাই কয় যে দেশত পৰিৱৰ্তনৰ লক্ষণ আছে আৰু কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইয়াৰ প্ৰমাণ বুলিও তেওঁ উল্লেখ কৰে ।

খাৰ্গেয়ে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিষয়ত মোদী চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপিয়ে বিষয়টোৰ ওপৰত এখন সমিতি গঠন কৰে যাক নেতৃত্ব দিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । তেওঁ কয় যে এতিয়া আৰামেৰে বহি থকাৰ সময় নহয় । দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব । সকলোৰে জীৱনত উত্থান-পতন আছে কিন্তু কংগ্ৰেছৰ নেতাসকলে সদায় শৃংখলাবদ্ধ হোৱা উচিত বুলিও তেওঁ কয় ।

কংগ্ৰেছ সভাপতিগৰাকীয়ে দলৰ নেতাসকলক আহ্বান জনাই কয় যে দলটোৰ ক্ষতি কৰিব পৰা অহংকাৰ বা প্ৰশংসাৰ বাবে একো কৰিব নালাগে । অনুশাসন অবিহনে কোনেও নেতা নহয় । নেতাসকলক শৃংখলাবদ্ধ হৈ থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে তেতিয়াহে মানুহে তেওঁলোকক অনুসৰণ কৰিব আৰু তেওঁলোকক মানি চলিব । তেওঁ ১৯৫৩ চনত হায়দৰাবাদত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দিয়া মন্তব্যৰ কথা উল্লেখ কৰি অনুশাসনৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ দাবী কৰা মতে কৰ্ণাটকত কংগ্ৰেছ ঐক্যবদ্ধ আছিল । যাৰ ফলাফল সকলোৱে দেখিছে । কেন্দ্ৰৰ স্বৈৰাচাৰী চৰকাৰক আঁতৰাবলৈ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । মোদী চৰকাৰে জনসাধাৰণৰ মৌলিক বিষয়বোৰৰ পৰা মনোযোগ আঁতৰাবলৈ নতুন বিষয় আনিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে কংগ্ৰেছ চৰকাৰ থকা ৰাজ্যসমূহৰ ভাল কামৰ প্ৰচাৰ কৰিব লাগিব ।

লগতে পঢ়ক :CWC meeting: '২০২৪ত বিজেপিক পৰাস্ত কৰাটো মহাত্মা গান্ধীৰ প্ৰতি কংগ্ৰেছৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব'-খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.