ETV Bharat / bharat

CWC meeting : হায়দৰাবাদত আৰম্ভ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক - CWC meeting

হায়দৰাবাদত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মল্লিকাৰ্জুন খাৰ্গেয়ে শেহতীয়াকৈ পুনৰ গঠন কৰা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে । ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী এই বৈঠকত উপস্থিত হৈছে ।

CWC meeting
হায়দৰাবাদত আৰম্ভ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 4:49 PM IST

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ পাছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (CWC) প্ৰথমখন বৈঠক দুদিনীয়াকৈ তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত অনুষ্ঠিত হৈছে । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, এআইচিচিৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী হায়দৰাবাদত উপস্থিত হৈছে । কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ লগতে দেওবাৰে ৰাজহুৱা সভাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কথা আছে ।

  • हैदराबाद में कांग्रेस की नवगठित वर्किंग कमेटी (CWC) की बैठक हो रही है।

    इस बैठक में आगामी चुनाव के मद्देनजर जनता से जुड़े जरूरी मुद्दों पर चर्चा की जाएगी। pic.twitter.com/mWnjMwyfQB

    — Congress (@INCIndia) September 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই বছৰতে দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন লগতে অহা বছৰ দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । কেন্দ্ৰই অনা এক ৰাষ্ট্ৰ আৰু এক নিৰ্বাচনৰ ধাৰণাটোক লৈ কংগ্ৰেছ নেতাসকলে এই বৈঠকত ৰণনীতি প্ৰস্তুত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । বৰ্তমানৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাবে চিডব্লিউচি হায়দৰাবাদৰ সন্মিলন অধিক গুৰুত্বপূৰ্ণ কিয়নো এইখন তেওঁ পুনৰ্গঠন কৰা সমিতিৰ প্ৰথম বৈঠক ।

ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী চিডব্লিউচিৰ বৈঠকস্থলীত উপস্থিত হৈছে । দলৰ নেতা আৰু কেডাৰসকলে কংগ্ৰেছ নেতাসকলক উষ্ম আদৰণি জনাইছে ।

চিডব্লিউচিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ হায়দৰাবাদলৈ ৰাওনা হোৱাৰ পূৰ্বে দিল্লীত ভাষণ দি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে তেওঁলোকে ৫ খন ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন আৰু অহা বছৰৰ লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিব । চিডব্লিউচিৰ পৰৱৰ্তী বৈঠকত নৱগঠিত 'INDIA' ব্লকৰ ওপৰতো আলোচনা কৰিব বুলি তেওঁ উল্লেখ কৰে ।

সংসদৰ বিশেষ অধিবেশনৰ পূৰ্বে মুখ্য বিৰোধী দল কংগ্ৰেছৰ এই বৈঠকখনে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সদনত শাসকীয় বিজেপিক কি ধৰণে প্ৰত্যাহ্বান জনাব পাৰি তাৰ ৰণনীতিও এই বৈঠকত প্ৰস্তুত কৰা হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Parliament Special Session: 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.