ETV Bharat / bharat

Manipur latest news : পূৰ্বতকৈ উন্নত মণিপুৰৰ পৰিস্থিতি; শিথিল সান্ধ্য আইন

author img

By

Published : May 9, 2023, 1:18 PM IST

Updated : May 9, 2023, 2:02 PM IST

মণিপুৰত চতুৰ্থ দিনৰ বাবে সান্ধ্য আইন শিথিল ৷ অসম ৰাইফলছৰ উদ্ধাৰ অভিযান অব্যাহত । জিৰিবামত পুৱা 5 বজাৰ পৰা দিনৰ 1 বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে (Curfew relaxed in Manipur)।

Rescue operation in Manipur
অশান্ত জৰ্জৰ মণিপুৰ

তেজপুৰ, 9 মে' : অশান্ত জৰ্জৰিত মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ৷ চতুৰ্থ দিন অৰ্থাৎ 9 মে’ৰ দিনা পুনৰ সান্ধ্য আইন শিথিল কৰা হয় ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত পুৱা 7 বজাৰ পৰা 9 বজা পৰ্যন্ত সান্ধ্য আইন শিথিল কৰা হয় । ৰাজ্যখনৰ একমাত্ৰ জিৰিবাম অঞ্চলত পুৱা 5 বজাৰ পৰা দিনৰ 1 বজালৈ সান্ধ্য আইন শিথিল কৰাৰ তথ্য পোৱা গৈছে । সুৰক্ষা ব্যৱস্থাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা জিলা প্ৰশাসনে নিজাববীয়াকৈ গ্ৰহণ কৰিছে বুলি তথ্য লাভ কৰা হৈছে (Curfew relaxed in Manipur)।

উল্লেখ্য যে, যিসমূহ অঞ্চলত সংঘৰ্ষ হ্ৰাস পাইছে তেনে এলেকাবোৰত সেনা আৰু সুৰক্ষা বাহিনীৰ নিৰাপত্তাৰ মাজেৰে পুৱা 5 বজাৰ পৰা দিনৰ 1 বজালৈ সান্ধ্য আইন শিথিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে । লগতে সেনাই নিয়মীয়াকৈ তহলদাৰী অব্যাহত ৰখাৰ লগতে নিৰাপত্তাৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা বেষ্টনী । চুৰাচান্দপুৰত সোমবাৰে জিলা প্ৰশাসনে সাহায্য শিবিৰৰ পৰা প্ৰায় 500 লোকক নিৰাপদে ইম্ফললৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে । একে সময়তে ইম্ফলত আৱদ্ধ হৈ থকা প্ৰায় 500 লোকে চুৰাচান্দপুৰলৈ লৈ অনা হয় (Manipur latest news)।

ৰাজ্যখনত যোৱা 3 মে' ৰ দিনা হিংসাত্মক কাৰ্যকলাপ আৰম্ভ হোৱাৰ পিচতে সেনা আৰু অসম ৰাইফলছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ইম্ফলৰ পৰা স্থলপথৰে কোহিমাস্থিত অসম ৰাইফলছ IGAR মুখ্য কাৰ্যালয়ৰ এজন ব্ৰিগেডিয়াৰৰ নেতৃত্বত শনিবাৰৰ পৰা পৰিকল্পিতভাবে বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ পৰা গৈছে । মুঠ 676 গৰাকী নাগালেণ্ডৰ নাগৰিকক স্ব-গৃহলৈ যোৱাত সহায় আগবঢ়োৱা হয় (Rescue operation in Manipur) ।

আনহাতে অৰুণাচল প্ৰদেশত আৱদ্ধ শিক্ষাৰ্থীৰ দল এটা ইম্ফলৰ পৰা গুৱাহাটীলৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰে নিৰাপদে লৈ যোৱা হৈছে । বি এছ এফৰ সহায়ত সোমবাৰে তিনিজন গুৰুতৰভাৱে আহত লোকক বিমানযোগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । জিলা প্ৰশাসনে অবিৰতভাৱে তৎকালীন পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । নিৰৱচ্ছিন্নভাৱে সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে (Violence hit Manipur) ।

উল্লেখ্য যে, পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু জিলাখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সোমবাৰে স্থানীয় চি এছ অ’ৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । সাহায্য শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলক নিৰাপদে যাতায়তৰ সুবিধাৰ বাবে অদম্য প্ৰচেষ্টা চলাই থকা হৈছে । আনহাতে, সাহায্য শিবিৰত থকা লোকসকলৰ বাবে মৌলিক সুবিধা যেনে খাদ্য, পানী, স্বাস্থ্যসেৱা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ শিশু আৰু দুৰ্বল ব্যক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি শিবিৰত থকা লোকসকলৰ বাবে অনাময় ব্যৱস্থা সম্প্ৰসাৰিত কৰা হয় ।

বৰ্তমান জিলাখনৰ মিনি-সচিবালয় কমপ্লেক্স আৰু অন্যান্য স্থানত অৱস্থিত সাহায্য কেন্দ্ৰসমূহত প্ৰায় 5000 লোকক সুৰক্ষিতভাৱে ৰখা হৈছে বুলি চৰকাৰী সূত্ৰৰ পৰা জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Manipur crisis update: মণিপুৰত আবদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে ৰাওনা অসম আৰক্ষীৰ দল

Last Updated : May 9, 2023, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.