ETV Bharat / bharat

কৰ'ণাৰ বাবে মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা - ক'ভিড প্ৰটকল

দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰেও বুধবাৰৰ পৰা ১৫ দিনৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰী কৰে । অত্যাৱশ্যকীয় সেৱাসমূহৰ বাদে সকলো দোকান-পোহাৰ, ধৰ্মানুষ্ঠান আদি বন্ধ থাকিব ।

কৰ'ণাৰ বাবে মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা
কৰ'ণাৰ বাবে মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা
author img

By

Published : Apr 15, 2021, 12:42 PM IST

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰেও বুধবাৰৰ পৰা ১৫ দিনৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰি কৰে । অত্যাৱশ্যকীয় সেৱাসমূহৰ বাদে সকলো দোকান-পোহাৰ, ধৰ্মানুষ্ঠান আদি বন্ধ থাকিব ।

দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোক কৰ'ণাত আক্ৰান্ত হৈছে । মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ প্ৰতি একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে । ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলে অতি দৃঢ়তাৰে কয় যে অধিকাংশ উদ্যোগ, ব্যৱসায়, ৰাজহুৱা স্থান আদিত জনসমাগম বন্ধ কৰিলে লকডাউন জাৰি কৰা নহয় । বিগত বৰ্ষত জাৰি কৰা লক ডাউনে নিশাটোৰ ভিতৰতে লাখ লাখ লোক সংস্থাপনহীন হৈ পৰিছিল । কিন্তু যদি এইবাৰ সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি চলে তেতিয়াহ'লে এইবাৰ লকডাউন জাৰী কৰা নহয় ।

উল্লেখ্য যে, বুধবাৰে দেশত যোৱা ২৪ ঘন্টাত ১৮০,০০০ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । অতিমাৰী আৰম্ভ হোৱাৰ পাচৰে পৰা ৰাজ্যখনত এতিয়ালৈ ১৩.৯ নিযুত জন লোক আক্ৰান্ত হৈছে । ইফালে, দেশত প্ৰতিষেধকৰ নাটনিও দেখা দিছে । জৰুৰীকালীন ব্যৱহাৰৰ বাবে ৰাছিয়াৰ প্ৰতিষেধক স্পুটনিক-ভি ব্যৱহাৰৰ বাবে বিষয় বিশেষজ্ঞ কমিটি (এছইচি)য়ে সোমবাৰে অনুমোদন জনায় ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে মানুহৰ জীৱনতকৈ নিৰ্বাচনক অগ্ৰাধিকাৰ দিছে : মহাৰাষ্ট্ৰ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.