নেশ্যনেল ডেস্ক, 3 আগষ্ট: শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰৰ বিন্দু হৈ পৰিছিল এগৰাকী ভাৰতীয় যুৱতী আৰু এজন পাকিস্তানী যুৱকৰ প্ৰেম কাহিনী ৷ তেওঁলোক হৈছে পাকিস্তানৰ সীমা হায়দৰ আৰু ভাৰতৰ অঞ্জু ৷ কিন্তু সম্প্ৰতি এনে কিছু ঘটনা সংঘটিত হৈছে যিয়ে সকলো ৰীতি-নীতি অতিক্ৰম কৰি স্থাপন কৰিছে সম্পৰ্ক ৷
এইবাৰ ৰাজস্থানৰ যোধপুৰত সংঘটিত এখন অতি ব্যতিক্ৰমী বিবাহ ৷ যোধপুৰৰ আৰবাজ নামৰ যুৱকজনে বুধবাৰে নিশা পাকিস্তানী কইনা আমিনাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় ৷ কিন্তু এই বিবাহখন সম্পন্ন হ’ল অনলাইন প্ৰক্ৰিয়াৰে ৷ অনলাইন প্ৰক্ৰিয়াৰে বিবাহ হ’লেও সম্পন্ন কৰা হ’ল সকলো পৰম্পৰাগত ৰীতি-নীতি ৷
অনলাইন বিবাহৰ সময়ত দুয়োৰে কাষত থাকে দুগৰাকী কাজি ৷ লগতে উপস্থিত থাকে দুয়োটা পৰিয়ালৰে আত্মীয়-স্বজন ৷ অনলাইন বিবাহ শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱতে সংঘটিত হৈছে এই ঘটনা ৷
উল্লেখ্য যে যোধপুৰৰ ভিতৰুৱা চহৰ খেৰাদিৰ এলেকাত বাস কৰা দৰা আৰবাজৰ জ্যেষ্ঠ ভাতৃয়েও পাকিস্তানৰ পৰাই বিয়া কৰাইছে ৷ এই সম্পৰ্কৰ আধাৰতে আৰবাজেও তেওঁৰ বিবাহ পাকিস্তানী কইনাৰ সৈতে সমাপন কৰে ৷
দৰাৰ পিতৃ মহম্মদ আফজলে কয় যে দুয়োখন দেশৰ মাজত সম্পৰ্ক উত্তেজিত হৈ থাকিও দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এনে সামাজিক পৰম্পৰাৰ মাধ্যমেৰে অটুট আছে ৷ ইফালে, আন্তঃৰাষ্ট্ৰীয় পাৰ পত্ৰ লাভ কৰাৰ পাচতেই ভাৰতৰ বোৱাৰী হ’ব পাকিস্তানী আমিনা ৷
জানিব পৰা মতে, দৰা আৰু কইনা দুয়োৱে ভিছা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়েহে দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে এই বিবাহ অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হ’ব ৷ দেশজুৰি এইখন বিবাহৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক: Anju Pakistan news: অঞ্জুক গ্ৰহণ নকৰে স্বামীয়ে; তৰিব অপৰাধমূলক গোচৰ