পণ্ডিত জৱাহাৰলাল নেহৰুৱে সদনখনক এক মহান প্ৰতিষ্ঠান হিচাপে বৰ্ণনা কৰি কৈছিল যে, এই সদনে বিশ্বৰ সাত ভাগৰ এভাগ জনগণৰ ইতিহাস ৰচনা কৰিব ৷ লোকসভাৰ প্ৰথমজন অধ্যক্ষ গণেশ বাসুদেৱ মাৱলাংকাৰে সদনৰ মহান পৰম্পৰা তথা প্ৰমূল্য সমূহক ধৰি ৰাখিবলৈ অক্লান্ত প্ৰচেষ্টা কৰিছিল ৷ বিশ্বখ্যাত বাতৰি কাকত “দ্য গাৰডিয়ানে” ভাৰতীয় সদনক প্ৰশংসা কৰি কৈছিল যে সমগ্ৰ এছিয়াৰ বাবে এই সদনক এখন বিদ্যালয় বুলি পণ্ডিত নেহৰুৱে দাবী কৰিব পাৰে ৷ ওপৰত উল্লেখ কৰা কথা সমূহে এই কথা স্পষ্ট কৰি দিয়ে যে সেই দিনবোৰত সদনৰ সন্মানীয় সদস্য সকলে জনতাৰ সেৱাত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিছিল ৷
সেই দিনবোৰত সদনে দৃষ্টান্তমূলক দূৰদৰ্শিতাৰ প্ৰদৰ্শন কৰিছিল বুলি এই কথাৰ পৰাই জানিব পাৰি যে সদনে অনুভৱ কৰিছিল যে সাংসদৰ ভাৱমূৰ্ত্তিৰ ক্ষতি কৰা যিকোনো কাৰ্যই গণতন্ত্ৰক এক ডাঙৰ বিপদলৈ থেলি দিব ৷ নিজৰ নিজৰ ৰাজনৈতিক আনুগত্যতা একাষৰীয়াকৈ ৰাখি ভুল বুলি প্ৰমাণিত হোৱা সদস্য সকলক অপসাৰণ কৰিবলৈ সেই সময়ৰ সাংসদ সকল একত্ৰিত হৈছিল ৷ কংগ্ৰেছ সাংসদ ফিৰোজ গান্ধীয়ে মুদগল নামৰ সদস্য এজনে সদনত প্ৰশ্ন উত্থাপন কৰিবলৈ দুহাজাৰ টকা লোৱাৰ তিক্ততাপূৰ্ণ অধ্যায়টি উন্মোচন কৰিছিল ৷ যদিও মুদগল কংগ্ৰেছৰেই সদস্য আছিল; তথাপি নেহৰুৱে ১৯৫১ চনৰ চেপ্তেম্বৰ মাহত তেওঁক দলৰ পৰা অপসাৰণ কৰিছিল ৷ তেওঁ তেনেকৈয়ে সদনৰ পৱিত্ৰতা বজাই ৰখাৰ ক্ষেত্ৰত নিজকে উচৰ্গা কৰিছিল ৷
মহান নেতা সকলে প্ৰদৰ্শন কৰা সেই মূল্যবোধবোৰ ১৭ টা সাধাৰণ নিৰ্বাচনৰ পাচত ক’লৈ গ’ল ক’ত হেৰাল ? সদনৰ পৰা বিধান সভালৈকে প্ৰত্যেকখন বিধায়িনী সন্থাই অপৰাধৰ আখ্যান থকা ব্যক্তিৰে পৰিপূৰ্ণ হৈ আছে ৷ তেনেস্থলত বিধায়িনী ব্যৱস্থাটো কোন গহ্বৰত সোমাল ?
বৃটিছ সকলে চৰকাৰৰ ৰাজহ আৰু আয়ৰ সম্পৰ্কে সবিশেষ আলোচনা কৰিবলৈ বছৰত এবাৰ আইনসভা অনুষ্ঠিত কৰিছিল ৷ যি নহওক, ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী হোৱাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে সদনৰ দুখন অধিৱেশনৰ মাজত ছমাহতকৈ বেছি ব্যৱধান থকাটো উচিত নহ’ব ৷ ড৹ ভীমৰাও আম্বেদকাৰে গণতান্ত্ৰিক জৱাৱদিহিতাৰ এজন সমৰ্থক হিচাপে তেওঁ নিজৰ সংবিধানখনত কৈছিল যে জনতাৰ সদনখনৰ প্ৰতি চৰকাৰ জৱাৱদিহি ৷ কিন্তু আজিৰ পৰিস্থিতি ইমানেই দুখলগা, ইমানেই কৰুণ যে সদনৰ দাৰা গৃহীত প্ৰস্তাৱ সমুহো কাৰ্যকৰীকৰণ কৰিব পৰা নাযায় ৷
দেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত সদনে ১৪ দফীয়া এখন এজেণ্ডা উন্মোচন কৰিছিল ৷ সভ্য সাংস্কৃতিক জৱাৱদিহিতা তথা দায়বদ্ধতাৰে প্ৰস্ফূতিত হৈ উঠাৰ পৰিৱৰ্তে ভাৰতীয় গণতন্ত্ৰ ধন, জাতি তথা গোষ্ঠী বৰ্ণ ভিত্তিক ভোটৰ প্ৰতি তথা আসনৰ বাবে অপৰাধজনিত উপাদান সমূহৰ ওপৰত নিৰ্ভৰ কৰাৰ ফালেহে অধোগমন হৈছে ৷
১৪ তম লোক সভাৰ সাংসদ সকলৰ ২৪ শতাংশই সদস্য আছিল অপৰাধৰ লগত জড়িত৷ ইয়াৰ পৰৱৰ্তী সদন খনত এনে লোকৰ সংখ্যা ৩০ শতাংশলৈ বৃদ্ধি পাইছিল ৷ শেষৰখন লোক সভাত ৩৪ শতাংশ সাংসদৰ অপৰাধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ প্ৰমাণ আছে ৷ বৰ্তমানৰ সদনত তেওঁলোকৰ সংখ্যা হ’ল ৪৩ শতাংশ ৷ এইখিনিতে উল্লেখনীয় যে মনমোহন সিঙৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন হলফনামা জমা দি এই কথা ব্যক্ত কৰিছিল যে মন্ত্ৰী পৰিষদৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰত এজন সাংসদৰ বাবে অপৰাধৰ অভিযোগ হেঙাৰ হোৱা উচিত নহয় ৷
এই প্ৰসংগত এক হাস্যকৰ বিষয় উল্লেখ কৰিব পাৰি যে কোনো অপৰাধত অভিযুক্ত এজন ব্যক্তিক জন প্ৰতিনিধিত্বতাৰ পৰা কেৱল মাত্ৰ এক নিৰ্দিষ্ট সময় সীমাৰ বাবেহে অব্যাহতি দিয়া হয় ৷ কিন্তু ইয়াৰ বিপৰীতে কোনো এক অপৰাধত অভিযুক্ত এজন চৰকাৰী চাকৰিয়ালক সেৱাৰ পৰা চিৰদিনৰ বাবে অব্যাহতি দিয়া হয় ৷ এই প্ৰসংগটোক ভাৰতৰ সংবিধানত নিহিত থকা সমতাৰ অধিকাৰৰ পৰিপন্থী বুলি অভিহিত কৰি ন্যায়ালয়ত ইতিমধ্যে এখন অবেদন দিয়া হৈছে ৷ যি নহওক, কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোত যথাস্থিতি বাহাল ৰাখিবৰ বাবে ভোটদান কৰি কৈছে যে তেওঁলোক কোনো সেৱাৰ নিয়মৰ দাৰা বান্ধ খাই থকা নাই বৰঞ্চ তেওঁলোকে জনগণৰ সেৱাৰ অৰ্থেহে শপত গ্ৰহণ কৰিছে ৷ উত্তৰসূৰী চৰকাৰবোৰে অপৰাধিক কাৰ্যকলাপত জৰিত থকা জন প্ৰতিনিধি সকলৰ হৈ পক্ষপাতিত্ব কৰিছে ৷ তেওঁলোকে এনেকৈয়ে আইনত ৰৈ যোৱা সুৰুঙাৰ সুযোগ লৈছে আৰু সেয়েহে সদনৰ গৰিমাও ম্লান পৰিছে ৷
লগতে পঢ়ক- ক'ভিডৰে জড়িত নীতিৰ সংশোধনৰ প্ৰয়োজন...