ETV Bharat / bharat

Road accident : মিৰ্জাপুৰত ব্যক্তিগত বাছ বাগৰি 5 গৰাকীৰ মৃত্যু, 12 গৰাকী আহত

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 11:58 AM IST

Updated : Oct 27, 2023, 1:53 PM IST

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন দ্ৰুতবেগী ব্যক্তিগত বাছ নিয়ন্ত্ৰণহীন হৈ ওলোটাই বাগৰি পৰাৰ ফলত 5 গৰাকী লোকৰ মৃত্যু হয় ৷ লগতে 12 গৰাকী লোক আহত হয় ৷

Road accident
ব্যক্তিগত বাছ বাগৰি 5 গৰাকীৰ মৃত্যু, 12 গৰাকী আহত

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ শুকুৰবাৰে পুৱাই এখন দ্ৰুতবেগী ব্যক্তিগত বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে ৷ ফলত 5 গৰাকী লোকৰ মৃত্যু হয় ৷ লগতে এই দুৰ্ঘটনাত 12 গৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আটাইকেইজনক এম্বুলেন্স সেৱাৰে মিৰ্জাপুৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বাছখন মিৰ্জাপুৰৰ পৰা মাতৱাৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বাছখনত অত্যাধিক যাত্ৰী থকাৰ বাবে বাছখন নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল ৷ সন্তনগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দাদৰী বন্ধা গাঁৱৰ নিচেই কাষতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৷

ইফালে বুধবাৰে কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চিক্কাবল্লাপুৰৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা শিশুসহ 13 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেবাজনো লোক ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিহত আটাইকেইজন অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ 15 জন যাত্ৰী ৷ মুঠ 15 জন যাত্ৰীৰ ভিতৰত নিহত হোৱাসকলৰ মহিলাৰ সংখ্যা 4 গৰাকী আৰু পুৰুষৰ সংখ্যা 8 জন ৷ লগতে এটা শিশুও নিহত হৈছে এই দুৰ্ঘটনাটোত ৷ বিৱৰণি অনুসৰি, ঘটনাস্থলীত থিতাতে নিহত হয় 5 জন লোক ৷ বাকী কেইজন লোক চিকিৎসাধীন অৱস্থাত হাস্পতালত মৃত্যু হয় ৷

লগতে পঢ়ক: Boyfriend killed his girlfriend : অন্য যুৱকৰ সৈতে বিয়া ঠিক হোৱাৰ বাবেই প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক

Last Updated : Oct 27, 2023, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.