নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : উত্তৰ প্ৰদেশৰ আলিগড়ৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । কোৱাৰ্চী থানা এলেকাৰ এগৰাকী যুৱতীক ডিঙি চেপি হত্যা কৰা হয় । অভিযোগ অনুসৰি, অন্য যুৱকৰ সৈতে যুৱতীগৰাকীৰ বিয়া ঠিক হয় ৷ এই খবৰ লাভ কৰি খঙৰ ভমকতে যুৱতীগৰাকীক প্ৰেমিকে ডিঙি চেপি হত্যা কৰে । পৰিয়ালৰ লোকৰ এই অভিযোগতে আৰক্ষীয়ে যুৱতীগৰাকীৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।
এই ঘটনাটো সংঘটিত হৈছে কোৱাৰ্চী থানাৰ বৰহেটি অঞ্চলত । এই গাঁৱৰ বাসিন্দা 24 যুৱতীগৰাকী বৰহেটি গাঁৱৰ সঞ্জীৱ কুমাৰ ওৰফে ৰাজাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল । অইন দিনাৰ দৰে বৃহস্পতিবাৰে যুৱতীগৰাকীয়ে কামলৈ বুলি ওলাই গৈছিল । বহু পৰলৈকে যুৱতীগৰাকী ঘৰলৈ উভতি অহা নাহিল ।
তাৰ পিচত পৰিয়ালৰ সদস্যসকলৰ লগতে যুৱতীগৰাকীৰ ভায়েকেও বিচাৰিবলৈ ধৰিলে । বহু বিচাৰ-খচাৰ কৰাৰ অন্তত একেখন গাঁৱতে থকা ৰাজবীৰ নামৰ যুৱকজনৰ ঘৰৰ সন্মুখত থকা ধানৰ খেৰৰ মাজত পুঁতি থোৱা অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয় ।
লগে লগে পৰিয়ালৰ লোকে যুৱতীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে । ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীও সেই স্থানত উপস্থিত হয় আৰু আৰম্ভ কৰে তদন্ত । যুৱতীগৰাকীৰ ভায়েকে এয়া হত্যাকাণ্ড বুলি অভিহিত কৰিছে ৷
আনহাতে, পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত কোৱাৰ্চী থানাৰ আৰক্ষীয়ে বৰহেটি গাঁৱৰ নিবাসী যুৱতীগৰাকীৰ প্ৰেমিক সঞ্জীৱ কুমাৰ ওৰফে ৰাজক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ মতে, অভিযুক্তটো আছিল যুৱতীগৰাকীৰ প্ৰেমিক । যুৱতীগৰাকীৰ বিয়া বেলেগৰ সৈতে পৰিয়ালৰ লোকে ঠিক কৰিছিল ।
যেতিয়া অভিযুক্ত প্ৰেমিকটোৱে যুৱতীগৰাকীৰ বিয়া ঠিক হোৱাৰ কথা গম পাই এই বিষয়টোক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । এই কাজিয়াৰ ফলতে বৃহস্পতিবাৰে সঞ্জীৱে ৰাজবীৰৰ ঘৰৰ পিচফালে আহিবলৈ যুৱতীগৰাকীক ফোন কৰিছিল । যুৱতীগৰাকী আহি পোৱাৰ লগে লগে ডিঙি চেপি হত্যা কৰা হ’ল অভিযুক্তটোৱে । তাৰ পাচতে যুৱতীগৰাকীৰ মৃতদেহটো ধানৰ খেৰত লুকুৱাই থৈ দিয়ে ।
এই সমগ্ৰ বিষয় সন্দৰ্ভত SP মৃগাংক শেখৰ পাঠকে কয় যে কোৱাৰ্চী থানাত এজন ব্যক্তিয়ে এজাহাৰ দিছিল । অভিযোগ আছিল যে তেওঁৰ ভগ্নীক হত্যা কৰা হৈছে । এই তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ইয়াৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয় । ইয়াৰ সমান্তৰালকৈ আৰক্ষীৰ ফালৰ পৰা আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ।