ETV Bharat / bharat

Brother cut off Sisters Head : ভাতৃয়ে কাটিলে ভগ্নীৰ মূৰ; কটা মূৰ হাতত লৈ থানালৈ ৰাওনা

উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এজন ভাতৃয়ে তেওঁৰ ভনীয়েকৰ মূৰ কাটি হত্যা কৰে । ইয়াৰ পিছত এখন হাতত ভনীয়েকৰ মূৰ আৰু আনখন হাতত হত্যা কৰা অস্ত্ৰ লৈ আৰক্ষী চকীলৈ ৰাওনা হয় । এই দৃশ্যটো প্ৰত্যক্ষ কৰি মানুহৰ বুকু কঁপি উঠে ।

Brother cut off Sisters Head
Brother cut off Sisters Head
author img

By

Published : Jul 21, 2023, 7:18 PM IST

নিউজ ডেস্ক, ২১ জুলাই : উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ড । এগৰাকী ভাতৃয়ে তেওঁৰ ভগ্নীক নৃশংসভাৱে হত্যা কৰে । উত্তৰ প্ৰদেশৰ বাৰাবঁকী জিলাৰ ফতেহপুৰ অঞ্চলত এই লোমহৰ্ষক হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে । এজন ভাতৃয়ে তেওঁৰ ভনীয়েকৰ মূৰটো চুৰিৰে কাটি পেলায় । ইয়াৰ পিছত তেওঁ হাতত কটা মূৰটো লৈ আৰক্ষী চকীলৈ ৰাওনা হয় । তেওঁৰ এখন হাতত আছিল হত্যা কৰা অস্ত্ৰ, আনখন হাতত আছিল ভনীয়েকৰ কটা মূৰটো । চুলিত ধৰি ওলোমাই লৈ যোৱা কটা মূৰটোৰ পৰা তেতিয়াও তেজ নিগৰি মাটিত পৰি গৈছিল । এই দৃশ্যটো প্ৰত্যক্ষ কৰি গাওঁবাসীৰ জ্ঞান হেৰুওৱাৰ উপক্ৰম ঘটে । আনহাতে, যুৱকজনে গৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰি হত্যাৰ দায়িত্বও স্বীকাৰ কৰে । আৰক্ষীয়ে অৱশ্যে যুৱকজনক ৰাস্তাতে গ্ৰেপ্তাৰ কৰে ।

ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক আশুতোষ মিশ্ৰই কয় যে ঘটনাটো ফতেহপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মিথৱাৰা গাঁৱত সংঘটিত হয় । শুকুৰবাৰে গাওঁখনৰ বাসিন্দা ৰিয়াজ আৰু তেওঁৰ ভগ্নী আচিফাৰ মাজত কিবা কথাক লৈ বিবাদ হৈছিল । ইয়াৰ পিছতে ৰিয়াজ ক'ৰবালৈ গুচি যায় । কিছু সময়ৰ পিছত তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহে । তাৰ পিছত তেওঁ আচিফাক কাপোৰ ধুবলৈ কয় । আচিফাই কাপোৰ ধুবলৈ পানী ভৰাই আছিল । তেনেতে ৰিয়াজে আচিফাক এখন দাৰে আঘাত কৰে আৰু আচিফাৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰি দিয়ে । তাৰ পিছত তেওঁ কটা মূৰটো লৈ আৰক্ষী চকীলৈ ৰাওনা হয় ।

ইফালে ৰিয়াজে এখন হাতত দা আৰু আনখন হাতত কটা মূৰটো লৈ গৈ থকা দৃশ্য বাটত প্ৰত্যক্ষ কৰি গাঁওবাসীয়ে জ্ঞান হেৰুওৱাৰ উপক্ৰম হয় । তেওঁলোকে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে । লগে লগে ফতেহপুৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় । তাৰ পিছত আৰক্ষীয়ে ৰিয়াজক গ্ৰেপ্তাৰ কৰে । তেওঁৰ পৰা কটা মূৰটোৰ লগতে দাখনো উদ্ধাৰ কৰে । উল্লেখ্য যে ভনীয়েকক হত্যা কৰি কটা মূৰ হাতত লৈ যোৱাৰ সময়তো ৰিয়াজৰ মুখত ইয়াৰ কোনো প্ৰভাৱ পৰা দেখা যোৱা নাছিল । চুবুৰীয়াৰ মতে, ৰিয়াজে ঘটনাটোৰ পৰিকল্পনা কৰি সেয়া কাৰ্যকৰী কৰিছিল । তেওঁৰ ঘৰত পিতৃ-মাতৃৰ বাহিৰে আন ভাই-ভনীও আছে । এনে পৰিস্থিতিত ঘৰৰ ভিতৰত হত্যা কৰাটো কঠিন আছিল । সেয়েহে তেওঁ আচিফাক ঘৰৰ বাহিৰত কাপোৰ ধুবলৈ পঠিয়াইছিল । জানিব পৰা মতে, ৰিয়াজ এজন অপৰাধী প্ৰকৃতিৰ ব্যক্তি । তেওঁ এখন পাচলিৰ গাড়ী চলায় । মাৰপিটৰ এটা গোচৰত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ১৫ দিন পূৰ্বে তেওঁ মুক্তি পাইছিল ।

উল্লেখ্য, হত্যাৰ কাৰণ সম্পৰ্কে জানিব পৰা মতে, ৰিয়াজৰ ভগ্নী আচিফা ২৫ মে'ত খেতিপথাৰলৈ গৈছিল । তাৰ পৰা গাঁওখনৰে এজন ব্যক্তি চান্দ বাবুৰ পুত্ৰ জান মহম্মদে তেওঁক পলুৱাই লৈ গৈছিল । কেইবাদিনো ধৰি আচিফাৰ সন্ধান উলিয়াব নোৱাৰাত তেওঁৰ পিতৃয়ে ২৯ মে'ত ফতেহপুৰ কোতৱালী আৰক্ষী থানাত চান্দ বাবুকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । ইয়াৰ পিছত আৰক্ষীয়ে আচিফাক উদ্ধাৰ কৰে আৰু চান্দ বাবুক কাৰাগাৰলৈ প্ৰেৰণ কৰে । এই মুহূৰ্তত তেওঁ কাৰাগাৰতে আছে । আৰক্ষীয়ে জনোৱা অনুসৰি, আচিফাৰ এই কাৰ্যত ৰিয়াজৰ খং উঠিছিল । বিষয়টোক লৈ দুয়োৰে মাজত বিবাদ হৈছিল । ৰিয়াজে অনুভৱ কৰিছিল যে তেওঁৰ ভগ্নীৰ এই কাৰ্যই তেওঁক অপমানিত কৰিছে । তাৰ বাবেই তেওঁ ভনীয়েকক হত্যা কৰে ।

লগতে পঢ়ক :Gyanvapi case : জ্ঞানবাপী শৃংগাৰ গৌৰীৰ বৈজ্ঞানিক জৰীপৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.