ETV Bharat / bharat

ৰাইজক প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ, অসম আৰু ত্ৰিপুৰাৰ দুজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ - Christian conversion accused arrested

কাশগঞ্জত ধৰ্মান্তৰকৰণৰ সৈতে জড়িত এটা দলক গ্ৰেপ্তাৰ । দলটোৱে নিৰীহ লোকক প্ৰলোভিত কৰি খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰি আহিছিল । ধৃত লোকসকলৰ ভিতৰত অসম আৰু ত্ৰিপুৰাৰ লোকো আছে ।

Assam Tripura gang
অসম আৰু ত্ৰিপুৰাৰ দুজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:41 PM IST

অসম আৰু ত্ৰিপুৰাৰ দুজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : উত্তৰ প্ৰদেশত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ৰাজ্যখনৰ কাশগঞ্জ জিলাত অসম আৰু ত্ৰিপুৰাৰ দুস্কৃতিকাৰীয়ে সাধাৰণ লোকসকলক নিযুক্তি আৰু ধনৰ প্ৰলোভন দি তেওঁলোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰিছিল । এই দলটোৱে সম্পূৰ্ণ পৰিকল্পনাৰে কাম কৰি আছিল বুলি জানিব পৰা গৈছে । তেওঁলোকৰ উদ্দেশ্য আছিল অধিক সংখ্যক লোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰা । গাঁওবাসীৰ সতৰ্কতাৰ বাবে আৰক্ষীয়ে এই দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে দলটোৰ ১০ জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । ধৃত লোকসকলৰ ভিতৰত ৰাজস্থান আৰু হাৰিয়ানাৰ লোকো আছে । লোককেইজনৰ জেৰাত বহু গোপন তথ্য পোহৰলৈ আহিছে ।

পাটিয়ালা কোতৱালী অঞ্চলত বিজৌৰা নাগলা বনজাৰণ নামৰ এখন গাঁও আছে । গাঁওখনত দীৰ্ঘদিন ধৰি এটা গোটে লোকসকলক নিযুক্তি আৰু ধনৰ প্ৰলোভন দি ধৰ্মান্তৰিত কৰি আহিছিল । এই গোটটোত উত্তৰ প্ৰদেশকে ধৰি অসম, ত্ৰিপুৰা, ৰাজস্থান আৰু হাৰিয়ানাৰ লোক আছে । মঙলবাৰে পুৱতি নিশা প্ৰমোদ নামৰ গাঁওখনৰ এগৰাকী লোকে তথ্য লাভ কৰিছিল যে গাঁওখনৰ এঘৰত ধৰ্মান্তৰকৰণ সম্পৰ্কীয় এক কাৰ্যসূচী চলি আছে । প্ৰমোদে ঘৰৰ ওচৰতে থিয় হৈ গোপনে কথাবোৰ শুনি আছিল ।

প্ৰমোদৰ মতে ঘৰখনত উপস্থিত থকা কিছুমান লোকে হিন্দু দেৱ-দেৱীৰ ওপৰত অশালীন মন্তব্য কৰি আছিল । তেওঁলোকে লোকসকলক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছিল । তেওঁলোকে লোকসকলক কৈছিল যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিকে খ্ৰীষ্টান বিদ্যালয়ত নিযুক্তি আৰু ৫০ হাজাৰ টকা দিয়া হ'ব । খ্ৰীষ্টান ধৰ্মত মানুহে যিমান সন্মান পায় আন কোনো ধৰ্মত নাপায় বুলিও তেওঁলোকে দাবী কৰিছিল । তেতিয়া তেওঁ নিশ্চিত হৈছিল যে বাহিৰৰ পৰা অহা মানুহে গাঁওবাসীক ধৰ্ম সলনি কৰিবলৈ প্ৰৰোচিত কৰিছে । লগে লগে প্ৰমোদে ঘৰৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰিলে । তেওঁৰ প্ৰতিবাদৰ পাছতে অঞ্চলটোত বহু লোক একত্ৰিয় হয় ।

আৰক্ষীক দিয়া অভিযোগত প্ৰমোদে কৈছে যে যিসকলে ধৰ্ম সলনি কৰিছিল তেওঁলোকেও প্ৰমোদক ধৰ্ম সলনি কৰাৰ প্ৰস্তাৱ দিছিল । তেওঁক ঘৰত থকা দেৱ-দেৱীৰ মূৰ্তি ভাঙি পেলাই দিবলৈ কৈছিল । ইফালে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে । ধৃত লোকসকলৰ ভিতৰত অসমৰ দৰং জিলাৰ এজন যুৱকো আছে । আৰক্ষীয়ে গোটেই বিষয়টোত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ছত্তীশগড়ৰ কাংকেৰত নক্সালবাদীৰ ভয়ংকৰ কূটাঘাত ৰোধ; পাঁচটা আই ই ডি নিস্ক্ৰীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.