ETV Bharat / bharat

Mother Sold Minor Daughter : নাবালিকা কন্যাক বিক্ৰী কৰি মাতৃ পলাল প্ৰেমিকৰ সৈতে; মধ্যস্থতাকাৰীসহ গ্ৰেপ্তাৰ ক্ৰেতা - minor child buyer and middleman arrested

বিহাৰত মানৱতাক লজ্জিত কৰা এক কাহিনী পোহৰলৈ আহিছে । ঝাৰখণ্ডৰ ৰাঁচীৰ এগৰাকী নাবালিকাক তেওঁৰ মাতৃয়ে মুজাফ্ফৰপুৰত ২.৫ লাখ টকাত বিক্ৰী কৰে । ঘটনাটো প্ৰকাশ হোৱাৰ পিছতে আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰে ।

Mother Sold Minor Daughter
Mother Sold Minor Daughter
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:36 PM IST

নিউজ ডেস্ক, ২৮ আগষ্ট : ঝাৰখণ্ডৰ এগৰাকী তেওঁৰ নাবালিকা কন্যাক বিক্ৰীৰ ঘটনাই বিহাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, স্বামীৰ মৃত্যুৰ পিছত ৰাঁচীৰ মহিলাগৰাকীয়ে বিহাৰৰ মুজাফ্ফৰপুৰত কেইটামান টকাৰ বিনিময়ত তেওঁৰ নাবালিকা কন্যাক বিক্ৰী কৰে । মাতৃগৰাকীয়ে তেওঁৰ কন্যাক বিক্ৰীৰ বাবে ২.৫ লাখ টকাৰ চুক্তি কৰিছিল । তাৰ পিছত দিল্লীত তেওঁৰ প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কেৱল সেয়াই নহয়, পাষাণ হৃদয়ৰ মাতৃগৰাকীয়ে তেওঁৰ দ্বিতীয় সন্তানক মুজাফ্ফৰপুৰৰ এখন হোষ্টেলত থয় । আনহাতে, বিষয়টো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে আৰু ক্ৰেতা আৰু মধ্যস্থতাকাৰীক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, ৰাঁচীৰ এহাল দম্পতীয়ে তেওঁলোকৰ দুই সন্তানৰ সৈতে কামৰ সন্ধানত আহি মুজাফ্ফৰপুৰত উপস্থিত হয় । তালৈ আহি দম্পতীহালে গোবৰচাহী অঞ্চলত বসবাস কৰিবলৈ লয় । দম্পতীহালে এটা ভাড়াঘৰত থাকি কাম কৰিবলৈ আৰম্ভ কৰিছিল । সকলো ঠিকে-ঠাকেই চলি আছিল । কিন্তু মহিলাগৰাকীৰ স্বামীৰ দুবছৰ পূৰ্বে মৃত্যু হয় । তাৰ পিছতে মহিলাগৰাকীৰ ওপৰত পৰিয়ালটো ভৰণ-পোষণৰ বোজা পৰে ।

ইফালে মহিলাগৰাকীৰ বাবে পৰিয়ালটোৰ বোজা বহন কৰাটো অলপ কঠিন হৈ পৰে । এই সময়ছোৱাতে এগৰাকী যুৱক মহিলাগৰাকীৰ সংস্পৰ্শলৈ আহে । তেওঁ মহিলাগৰাকীৰ প্ৰেমত পৰে । দুয়ো বিবাহৰ বাবে প্ৰস্তুত হয় । কিন্তু যুৱকজনে মহিলাগৰাকীৰ সন্তান দুটাক তুলি ল'বলৈ অস্বীকাৰ কৰে । তেতিয়াই মাতৃগৰাকীয়ে তেওঁৰ সুখৰ বাবে ইমান ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰে ।

জানিব পৰা মতে, মহিলাগৰাকীয়ে তেওঁৰ চুবুৰীয়া এহাল দম্পতীৰ সহায়ত এজন ব্যৱসায়ীৰ (৩৫) সৈতে তেওঁৰ নাবালিকা কন্যাক বিক্ৰীৰ চুক্তি কৰে । তাৰ পিছত এজন মধ্যস্থতাকাৰীৰ সহায়ত ব্যৱসায়ীজনৰ হাতত সন্তানটিক ২.৫ লাখ টকাত বিক্ৰী কৰে । আনহাতে, কন্যাক বিক্ৰী কৰাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক এখন ব্যক্তিগত বিদ্যালয়ৰ হোষ্টেলত এৰি থৈ প্ৰেমিক স্বামীৰ সৈতে দিল্লীলৈ গুচি যায় ।

বিষয়টো তেতিয়া পোহৰলৈ আহে, যেতিয়া মহিলাগৰাকীয়ে হোষ্টেলৰ মাচুল জমা কৰা নাছিল বা তেওঁৰ কোনো সন্ধান পোৱা নাছিল । হোষ্টেল পৰিচালকে পৰিয়ালৰ আন সদস্যসকলক এই বিষয়ে অৱগত কৰে । ইয়াৰ পিছত শিশুটিৰ ককাক আৰু খুৰাকে ৰাঁচীত শূন্য এজাহাৰ দাখিল কৰে । আনহাতে, আৰক্ষীৰ আমন্ত্ৰণত শিশুটিৰ ককাক আৰু খুৰাক ৰাঁচীৰ পৰা মুজাফ্ফৰপুৰত উপস্থিত হয় আৰু ছোৱালীজনীক বিচাৰিবলৈ আৰম্ভ কৰে ।

অনুসন্ধানৰ সময়ত আৰক্ষীৰ দলটোৱে শিশুটিক বিক্ৰী কৰা মধ্যস্থতাকাৰী দম্পতীহালক ধৰা পেলায় আৰু শিশুটি উদ্ধাৰ কৰে । আনহাতে, আৰক্ষীৰ দলটোৱে নাবালিকা ছোৱালীজনীৰ মাতৃ আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে । মুজাফ্ফৰপুৰৰ এছএছপি ৰাকেশ কুমাৰে জনোৱা মতে, সমগ্ৰ ঘটনাটোৰ তদন্ত এতিয়াও চলি আছে ।

"বিষয়টোৰ তদন্ত চলি আছে । ছোৱালীজনীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । ১৬৪ জন লোকৰ বিবৃতি আদালতৰ সন্মুখত লিপিবদ্ধ কৰা হ'ব । ছোৱালীজনীৰ বিক্ৰীৰ বাবে আঢ়ৈ লাখ টকাৰ চুক্তি কৰা বুলি প্ৰকাশ কৰা হৈছে । আৰক্ষীয়ে এই ঘটনাত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অন্যান্য দিশৰ অনুসন্ধানত নিয়োজিত হৈ আছে । সমগ্ৰ ঘটনাটো শীঘ্ৰেই প্ৰকাশ কৰা হ'ব ।" ৰাকেশ কুমাৰে কয় ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ, ৩৬৬২ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.