নেশ্যনেল ডেস্ক, 13 অক্টোবৰ : প্ৰেমিকাক লগ কৰিবলৈ যাওঁতে সাৱধান হওঁক ৷ বিহাৰৰ মুজাফ্ফৰপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰেমিকাক লগ কৰিবলৈ গৈ যুৱকে হেৰুৱালে গুপ্তাংগ ৷ সম্প্ৰতি সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মুজাফ্ফৰপুৰ নগৰ আৰক্ষী থানা অঞ্চলত এজন ব্যক্তিয়ে আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে ৷ অভিযোগ অনুসৰি লোকজনৰ পুত্ৰক প্ৰেমিকাই নিজ ঘৰলৈ মাতি নি পৰিয়ালৰ লোকৰ হতুৱাই মাৰপিট কৰাৰ লগতে যুৱকজনৰ গুপ্তাংগ কাটি পেলাই ৷
লোকজনে কোৱা অনুসৰি চাৰিয়াগঞ্জৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ পুত্ৰৰ বহু দিনধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৷ অৱশ্যে এই সম্পৰ্কে প্ৰেমিকাৰ ঘৰতো গম পাইছিল যদিও তেওঁলোকে এই সম্পৰ্কক মানি ল’বলৈ বিচৰা নাছিল ৷
ঘটনাৰ দিনা তেওঁৰ পুত্ৰই অন্যদিনাৰ দৰেই বিয়লি 4 বজাত জীমলৈ গৈছিল, তেনে সময়তে যুৱকজনক তেওঁৰ প্ৰেমিকাই ফোন কৰি তেওঁলোকৰ ঘৰলৈ মাতিছিল ৷ "দেউতাৰ হৃদৰোগত আক্ৰান্ত হৈছে, সোনকালে ঘৰলৈ আহক, চিকিৎসালয়লৈ লৈ যাব লাগিব ৷" যুৱকজনে প্ৰেমিকাৰ কথা অনুসৰি তেওঁলোকৰ ঘৰলৈ যায় ৷ ইফালে, যুৱকজন অহাৰ কথা গম পাই ইতিমধ্যে প্ৰেমিকাৰ সদস্যসকলে তেওঁলোকৰ দোকানঘৰ বন্ধ কৰি ঘৰলৈ যায় ৷
যুৱকজন আহি পোৱাৰ লগে লগে প্ৰেমিকাগৰাকীৰ পিতৃ, মাতৃ আৰু ভাতৃয়ে প্ৰথমে যুৱকজনক আক্ৰমণ কৰে ৷ তাৰ পিচত যুৱকজনে পিন্ধি থকা সোণৰ চেইন, আঙুঠি আৰু মোবাইল ফোন কাঢ়ি লয় ৷ ইয়াতে ক্ষান্ত নাথাকি প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনৰ গুপ্তাংগ কাটি পেলায় ৷ যুৱকজনে কোনোৰকমে প্ৰেমিকাৰ পৰিয়ালৰ হাতৰ পৰা পলাই গৈ নিজ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ যুৱকজনক তেজেৰে লুটুৰি পুতুৰি অৱস্থাত দেখি পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
ইয়াৰ পিচতে যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ এই অভিযোগৰ পিচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: Fraud with help of MakeMy Trip App : মেক মাই ট্ৰিপ এপৰ নামত যুৱকৰ পৰা ৭ লাখ টকা লুণ্ঠন