ETV Bharat / bharat

'ত্ৰিপুৰাত হ্ৰাস হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধ': মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰা আৰক্ষীক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ পূৰ্বৰ তুলনা হ্ৰাস পাইছে (Crime against women decreased in Tripura)। ৰাজ্য চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

author img

By

Published : Feb 5, 2022, 1:05 PM IST

Tripura
ত্ৰিপুৰাত হ্ৰাস হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধ

আগৰতলা,৫ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা হ্ৰাস হৈছে (Crime against women decreased in Tripura)। এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ত্ৰিপুৰা আৰক্ষীৰ পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ত্ৰিপুৰাত প্ৰথমে আৰম্ভ হৈছিল ড্ৰাগছ বিৰোধী অভিযান । যি অভিযান এতিয়াও অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে ।

ত্ৰিপুৰাৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবোৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে কুৱাইফুং টিএছআৰ কোম্পানীৰ মুখ্য কাৰ্যালয়, বাগমাৰা টিএছআৰ প্লাটুন পোষ্ট আৰু টিএছআৰ ৯ম বেটেলিয়নৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পৰদৰ্শনৰ সময়তে ত্ৰিপুৰা আৰক্ষীৰ সফলতাক প্ৰশংসা কৰি তেওঁ কয় যে আৰক্ষীৰ প্ৰচেষ্টাৰ বাবেই ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে (Crime against women decreased in Tripura ) । অৱশ্যে অপৰাধৰ হাৰ কমিলেও মহিলা অপৰাধীৰ সংখ্যা বৃদ্ধি হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে ত্ৰিপুৰা আৰক্ষী আৰু টিএছআৰৰ (TSR) আধুনিকীকৰণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও পুঁজি মুকলি কৰিছে ।

তেওঁৰ দাবী ৰাজ্যিক আৰক্ষী আৰু টিএছআৰ কৰ্মীসকলৰ বহুতো ক্ষেত্ৰত পৰিৱৰ্তন আহিছে । পুলিচিং প্ৰণালী সলনি হৈছে, টহল প্ৰণালী সলনি হৈছে আৰু আৰক্ষীৰ শাৰীৰিক ভাষাও সলনি হৈছে । ইফালে ত্ৰিপুৰা এখন সৰু ৰাজ্য যদিও ৰাজ্যিক আৰক্ষীৰ কৰ্তব্যৰ বিষয়ে সমগ্ৰ দেশবাসী অৱগত । যাৰ বাবে ত্ৰিপুৰা আৰক্ষী ৰাষ্ট্ৰপতিৰ প্ৰশংসাৰ পাত্ৰ হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :Indo-Bangla border haat: কমলপুৰ-কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.