ETV Bharat / bharat

CPIM public rally in Tripura:ত্ৰিপুৰাত চিপিআই(এম) দলৰ শক্তি প্ৰদৰ্শন - CPIM public rally in Tripura

বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চিপিআই(এম) দলৰ । আগৰতলাত চিপিআই(এম) দলৰ বিশাল জন সমাৱেশ (CPIM public meeting in Tripura)। প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰসহ দলৰ শীৰ্ষ নেতাসকলৰ অংশগ্ৰহণ । বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ বাঁওপন্থী নেতাসকল ।

cpim-public-meeting-in-tripura
চিপিআইএম দলৰ বিশাল জন সমাৱেশ
author img

By

Published : Feb 25, 2022, 10:10 AM IST

আগৰতলা,২৫ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত সম্প্ৰতি শাসকীয় বিজেপি আৰু বিৰোধী চিপিআই(এম)ৰ মাজত সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে বিৰোধী চিপিআই(এম) দলে আগৰতলাত আয়োজন কৰিছে বিশাল জন সমাৱেশৰ (CPIM public meeting in Tripura)। বৃহস্পতিবাৰে হাজাৰ হাজাৰ চিপিআই(এম) কৰ্মীয়ে ভিৰ কৰে আগৰতলা ।

ইফালে এই জন সমাৱেশ সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰে । সমাৱেশত অংশগ্ৰহণ কৰে চিপিআই(এম)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাট, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰী আৰু অন্যান্য নেতাসকলে । লক্ষণীয়ভাৱে বিজেপিৰ হাতত পৰাস্ত হোৱাৰ পাছত চিপিআই(এম) দলে প্ৰথমবাৰৰ বাবে এই ধৰণে শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰা দেখা গৈছে ।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে দাবী কৰে যে এয়া এক নতুন আৰম্ভণি, বিকল্প হৈছে একমাত্ৰ আৰু প্ৰধান উপায় । তেওঁৰ মতে ৰাজ্যখনত এতিয়া বিভিন্ন ধৰণৰ সমস্যা আছে । বিজেপি শাসনলৈ অহাৰ পূৰ্বে ত্ৰিপুৰাৰ ৰাইজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মিছা প্ৰলোভন দেখুৱাইছিল যাৰ বাবে তেওঁলোক শাসনলৈ আহিছে । কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত, তেওঁলোকৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে ।

তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলেই সাধাৰণ জনতাৰ লগতে বিভিন্ন জনৰ ওপৰত বিজেপিয়ে আক্ৰমণ কৰাৰ অভিযোগ মানিক সৰকাৰৰ । সেয়েহে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব । মানিক সৰকাৰৰ মতে প্ৰতিৰোধ অবিহনে কোনো বিকল্প নাই । ৰাইজক প্ৰতিবাদী কণ্ঠস্বৰ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

চিপিআই(এম)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাটে অভিযোগ কৰা মতে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ইউএপিএ (Unlawful Activities Prevention Act) ব্যৱহাৰ কৰি সাধাৰণ জনতাৰ কণ্ঠস্বৰ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে । তেওঁৰ অভিযোগ বিৰোধী দলৰ নেতাসকলক হাৰাশাস্তি কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ বাবে আইবি(IB), চিবিআই(CBI) আৰু ইডি(ED) আদি সংস্থাক ব্যৱহাৰৰ কৰিছে চৰকাৰে । সেয়েহে মোডী চৰকাৰৰ বিৰুদ্ধে সকলোকে যুঁজ দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

বিশাল জন সমাৱেশক সম্বোধন কৰি চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁৰ অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে সাধাৰণ জনতাৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে হিজাব, লাভ জিহাদ, গো-সুৰক্ষা আদিৰ দৰে বিভাজনমূলক বিষয়সমূহকহে অধিক গুৰুত্ব দিছে । আনহাতে ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীৰ অভিযোগ নিশাৰ পৰা বিজেপি গুণ্ডা বাহিনীয়ে চিপিআই(এম)ৰ ৰাজহুৱা সভা অনুষ্ঠিত নহ'বলৈ চেষ্টা চলাইছে ।

জীতেন্দ্ৰ চৌধুৰীৰ অভিযোগ দলীয় কৰ্মীক এই সভালৈ নাহিবলৈ ভয়-ভাবুকি প্ৰদান কৰিছে বিজেপিয়ে । কিন্তু এই ক্ষেত্ৰত বিজেপি সম্পূৰ্ণ বিফল হোৱা বুলি দাবী কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :ত্ৰিপুৰাত বিজেপিয়ে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে : AITC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.