নিউজ ডেস্ক, ২৮ আগষ্ট : শনিবাৰে ত্ৰিপুৰাৰ বিৰোধী দল চিপিআইএমে আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰে (CPIM protest in Agartala) । আগৰতলা চহৰৰ উপকণ্ঠ অঞ্চল আমতলিত শুকুৰবাৰে দলৰ এজন নেতাক বিজেপি সমৰ্থিত দুৰ্বৃত্তই নিৰ্মম আক্ৰমণৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই সন্দৰ্ভত বক্তব্য ৰাখি চিপিআইএমৰ পশ্চিম জিলাৰ সম্পাদক ৰতন দাসে কয়, "আজি বিজেপি সমৰ্থিত দুৰ্বৃত্তই চিপিআইএম পশ্চিম জিলা সমিতিৰ সদস্য তথা ত্ৰিপুৰা তপিশিলি সমন্বয়ৰ নেতা বিপদ বন্ধু ঋষিদাসক নিৰ্মমভাৱে আক্ৰমণ কৰে (BJP alleged attack on CPIM leader) । তাৰেই প্ৰতিবাদত আমি চিপিআইএম পশ্চিম জিলা সমিতিৰ হৈ প্ৰতিবাদ কৰিছোঁ । কিয়নো ৪০ জনতকৈও অধিক বিজেপি সমৰ্থিত দুৰ্বৃত্তই আমাৰ সদস্য বিপদ বন্ধু ঋষিদাসক আমতলি আৰক্ষী থানাৰ সন্মুখতে নিৰ্মমভাৱে আক্ৰমণ কৰিছে (BJP alleged attack CPIM leader in Tripura) । তেওঁ মূৰ, হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছে আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে ।"
দাসে লগতে অভিযোগ কৰে যে যোৱা কেইদিনমানত বিৰোধী দলৰ কৰ্মী আৰু নেতাসকলৰ ওপৰত এনে আক্ৰমণ বৃদ্ধি পাইছে । "আমি নাম উল্লেখ কৰি এজাহাৰ পঞ্জীয়ন কৰিছোঁ । কিন্তু এতিয়াও এজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হোৱা নাই (CPIM lodged FIR against BJP workers) । এই নিৰ্মম আক্ৰমণৰ প্ৰতিবাদ কৰি আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আমি আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰদৰ্শন কৰিছোঁ । বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে ৰাজ্যখনত আইনৰ শাসনক হত্যা কৰা হৈছে (BJP govt alleged murder law in Tripura) ।" তেওঁ লগতে কয় ।
তেওঁ লগতে আৰক্ষীক তেওঁলোকৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ সমালোচনা কৰে আৰু দাবী কৰে যে বিজেপিয়ে ৰাজ্যখন অসামাজিক উপাদানৰ হাতত গতাই দিছে । আনহাতে, চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী মাণিক দে’য়ে কয় যে, এইটো হৈছে বিপদ বন্ধুৰ ওপৰত আক্ৰমণৰ তৃতীয়টো ঘটনা ।
"শুকুৰবাৰে যেতিয়া তেওঁ দলৰ এখন সভা শেষ কৰি ঘৰলৈ উভতিছিল, তেতিয়াই বিজেপিৰ গুণ্ডাসকলে সংগঠিতভাৱে তেওঁক আক্ৰমণ কৰে । কিন্তু আৰক্ষীয়ে তেনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই । এক জংঘলৰাজে বিৰাজ কৰিছে । প্ৰতিদিনে বিৰোধী কৰ্মীসকল আক্ৰমণৰ সন্মুখীন হৈ আহিছে । আমি বিচাৰোঁ যে মানুহে তেওঁলোকৰ জীৱন আৰু সম্পত্তি বচাবলৈ একেলগে আগবাঢ়ি আহিব লাগে ।" লগতে তেওঁ অপৰাধীসকলক যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ পদক্ষেপ ল'বলৈও দাবী জনায় ।