এটা অধ্য়য়নে দেখুৱাইছে যে, কেনেদৰে অনিয়ন্ত্ৰিত এইচ.আই.ভি. ভাইৰাছত আক্ৰান্ত এগৰাকী 22 বছৰীয়া মহিলা 9 মাহ ধৰি এছ.এ.আৰ.এছ.-ক’ভিড-2 বিটা প্ৰকাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছিল ৷ ষ্টেলেনবস্ক আৰু কোৱাজুলু-নাটাল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৈছে এইচ আই ভিৰ চিকিৎসা বন্ধ কৰাৰ লগে লগে এই ভাইৰাছে মহিলাগৰাকীৰ দেহত নতুনকৈ 20 টা প্ৰকাৰ জন্ম দিছিল (Corona Virus can Mutate) ৷ গৱেষকসকলে লগতে কয় যে, এণ্টি-ৰেট্ৰ'ভাইৰেল থেৰাপীৰ দ্বাৰা, এইচ.আই.ভি.ৰ ভাইৰাছক প্ৰতিহত কৰিব পৰা গৈছিল আৰু ক’ভিড ভাইৰাছ 6 ৰ পৰা 9 সপ্তাহৰ ভিতৰত নিৰ্মূল হৈছিল।
অধ্যয়নটোৱে দেখুৱাইছিল যে এইচ.আই.ভি. ত আক্ৰান্ত হৈ প্ৰতিৰোধ ক্ষমতা কম হৈ পৰা লোকসকলৰ মাজত ক’ৰণা ভাইৰাছে অতি সহজে নিজৰ প্ৰকাৰ বৃদ্ধি কৰিব পাৰে ৷ ইতিমধ্যে দেখা গৈছে যে এইচ.আই.ভি. ত আক্ৰান্ত ব্যক্তি সকলৰ দেহত ক’ৰণা ভাইৰাছ বহুদিনলৈ থাকে ৷ কিন্তু বিভিন্ন কাৰণত এইচ.আই.ভি.ৰ ঔষধ ব্যৱহাৰ নকৰাসকলৰ দেহত ক’ৰণা ভাইৰাছ তাৎক্ষণিকভাৱে এটাৰ পৰা অন্য এটা প্ৰকাৰলৈ ৰূপান্তৰিত হয় লগতে সোনকালে আৰোগ্যও হয় ৷
অধ্য়য়নটোৰ পৰা এইটোও অনুমান কৰা হৈছে চিকিৎসা নকৰাকৈ থকা এইচ.আই.ভি.ৰ সৈতে নতুনকৈ উদ্ভৱ হোৱা ক’ভিড-19 ৰ প্ৰকাৰৰ সম্পৰ্ক থাকিব পাৰে ৷
বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ গৱেষকৰ এটা দলে চিকিৎসা নকৰা এজন এইচ.আই.ভি. ৰোগীৰ দেহত ছমাহতকৈয়ো অধিক সময়লৈকে ক’ৰণা ভাইৰাছৰ উপস্থিতি লাভ কৰিছিল ৷ দলটোৱে ব্যক্তিজনৰ দেহত ক’ৰণাৰ বিভিন্ন প্ৰকাৰ লাভ কৰিছিল যিয়ে স্পাইক প্ৰ'টিনক প্ৰভাৱিত কৰিছিল ৷ কোৱাজুলু-নাটাল বিশ্ববিদ্যালয়ৰ সংক্ৰামক ৰোগচিকিৎসক ৰিচাৰ্ড লেচেলছে কৈছে, এইচ.আই.ভি.ৰ চিকিৎসা নকৰা লোক এজনৰ ক্ষেত্ৰত ভাইৰাছ আঁতৰ কৰোৱাৰ ক্ষমতা যথেষ্ট কম কিন্তু ভাইৰাছৰ বিৱৰ্তন প্ৰক্ৰিয়া তেনেলোকৰ দেহত আটাইতকৈ বেছি ৷
লগতে পঢ়ক: Beneficial Qualities of Clove: স্বাস্থ্যৰ সৰ্বাংগীণ উন্নতিত কিদৰে উপকাৰী লং ?