ETV Bharat / bharat

উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?

বিশ্ব স্বাস্থ্য সংস্থাৰ এক শেহতীয়া প্ৰতিবেদনে উল্লেখ কৰিছিল যে, ভাৰতৰ সবাতোকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত এটা পাঁচদিনীয়া ক'ভিড পৰীক্ষণৰ কেম্পেইন কৰা হৈছিল ৷ য'ত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ক'ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰিছিল । কিন্তু যেতিয়া ইটিভি ভাৰতৰ সাংবাদিকে সেই ঠাইসমূহলৈ গৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিল, তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওলোটা ছবি এখনহে দেখা পোৱা গৈছিল ।

author img

By

Published : May 18, 2021, 8:02 AM IST

Covid testing data for india's most populous state does not support WHO claims
উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?

হায়দৰাবাদ/লক্ষ্ণৌ: বিশ্ব স্বাস্থ্য সংস্থাৰ এক শেহতীয়া প্ৰতিবেদনে উল্লেখ কৰিছিল যে, ভাৰতৰ সবাতোকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত এটা পাঁচদিনীয়া ক'ভিড পৰীক্ষণৰ কেম্পেইন কৰা হৈছিল ৷ য'ত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ক'ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰিছিল । কিন্তু যেতিয়া ইটিভি ভাৰতৰ সাংবাদিকে সেই ঠাইসমূহলৈ গৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিল, তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওলোটা ছবি এখনহে দেখা পোৱা গৈছিল । অলপতে ৰাজ্যখনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল, যেতিয়া গাজীপুৰ জিলাত গংগা নদী আৰু ইয়াৰ পাৰত মৃতদেহ ভাঁহি থকা আৰু পৰিত্যক্ত অৱস্থাত পৰি থকা দেখা গৈছিল ।

স্বাস্থ্য সংস্থাটোৰ সহায়ত কৰা ক'ভিড পৰীক্ষা ৰাজ্যখনৰ 75 খন জিলাৰ 17,941 খন গাঁও সামৰি লোৱাৰ কথা উল্লেখ আছে যদিও ইটিভি ভাৰতৰ ক্ষেত্ৰ অধ্যয়ন আৰু পৰিসংখ্যা বিশ্লেষণ আৰু গাঁৱবাসী তথা স্বাস্থ্যকৰ্মীৰ সাক্ষাৎকাৰৰ পাছত ক'ভিড পৰীক্ষাৰ মান আৰু সংখ্যাৰ উত্তৰণ হোৱা দেখা নগ'ল ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ মতে উত্তৰ প্ৰদেশ চৰকাৰে ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে শেষ পৰ্যায়লৈ যোৱা বুলি উল্লেখ কৰি কৈছিল যে, ৰাজ্য চৰকাৰে 21,242 জন অধীক্ষকৰ অধীনত 1,41,610 টা দল এই সমস্ত পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিছিল আৰু সুনিশ্চিত কৰিছিল যে ইয়াত সকলো ভিতৰুৱা তথা গ্ৰাম্য অঞ্চল সামৰি লোৱা হৈছিল ।

7 মে’ত সংস্থাটোৰ ৱেবচাইটত প্ৰকাশ হোৱা এক লেখনিত কোৱা হৈছিল যে, এই সমগ্ৰ অঞ্চলত তেওঁলোকৰ ক্ষেত্ৰ বিষয়া আছে ৷ যিয়ে চৰকাৰক তাৎক্ষণিকভাৱে ক'ভিডৰ সংক্ৰমণ আৰু ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে অৱগত কৰি আছে ৷ সংস্থাটোৰ প্ৰতিবেদনত এয়া কোৱা হৈছিল যে, প্ৰথমদিনা বিশ্ব স্বাস্থ্য সংস্থাৰ ক্ষেত্ৰ বিষয়াসকলে প্ৰায় 10,000 ঘৰত 2,000 চৰকাৰী দলে কৰা কাম তথা অধ্যয়নৰ তদাৰকো কৰিছিল ৷

কিন্তু সংস্থাটোৰ ৱেবচাইটত থকা প্ৰতিবেদনত 5 মে’ত আৰম্ভ কৰা এই পৰীক্ষণ প্ৰক্ৰিয়াৰ ফলত ক'ভিড-19 পজিটিভ ৰোগীৰ সংখ্যাৰ কোনো ধৰণৰ বৃদ্ধি হোৱা দেখা নগ'ল । আনহাতে উত্তৰ প্ৰদেশৰ চৰকাৰী তথ্য অনুসৰি 1 আৰু 2 মে'ত ক্ৰমে 2,66,619 আৰু 2,97,385 টা পৰীক্ষণ সম্পূৰ্ণ কৰিছিল । কিন্তু 3 মে'ৰ পৰা এই সংখ্যা হ্ৰাস পায় 2,29,564 আৰু 4 মে’ত হয়গৈ 2,08,564 ৷ যদি বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰাৰ দৰে 1,41,610 টা দলে দিনে দুটাকৈ পৰীক্ষা কৰিছিল, তেন্তে ক'ভিড পৰীক্ষাৰ সংখ্যা হ'ব লাগিছিল 2,83,220 টা প্ৰতিদিনে ।

চৰকাৰী তথ্য মতে, ৰাজ্যখনৰ চৰকাৰে 5 মে'ত 2,32,038 টা পৰীক্ষণ কৰিছিল ৷ পৰ্যায়ক্ৰমে 6 মে’ত 2,26,112 টা, 7 মে’ত 2,41,403 টা, 8 মে’ত 2,24,529 টা পৰীক্ষা আৰু 9 মে’ত 2,29,595 টা পৰীক্ষা কৰিছিল ৷

5-9 মে’লৈ উত্তৰ প্ৰদেশত কৰা হৈছিল 11,52,000 পৰীক্ষা, দিনে প্ৰায় 2,30,000 টা পৰীক্ষাতকৈ অলপ বেছি । কিন্তু আচৰিতভাৱে পৰিসংখ্যাই সূচায় যে, গ্ৰাম্য অঞ্চলত এই পৰীক্ষা আৰম্ভ কৰাৰ আগেয়ে মাহৰ প্ৰথম দুটা দিনতে উত্তৰ প্ৰদেশত প্ৰতিদিনে 2,82,000 টাতকৈ বেছি পৰীক্ষা কৰা হৈছিল । কিন্তু স্বাস্থ্য সংস্থাই নিজৰ প্ৰতিবেদনত কয় যে, প্ৰত্যেকটো দলতেই দুজনকৈ সদস্য আছিল, যিয়ে গ্ৰাম্য অঞ্চলসমূহত ঘৰে ঘৰে গৈ ক'ভিড-19 ৰ লক্ষণ দেখা পোৱা মাত্ৰেই ৰেপিড এণ্টিজেন পৰীক্ষা কৰিছিল আৰু পজিটিভ ৰোগী দেখা মাত্ৰেই তেওঁলোকক আছুতীয়াকৈ ৰাখি দৰৱৰ লগতে প্ৰয়োজনীয় উপদেশ দিছিল ৷

ই টিভি ভাৰতৰ গ্ৰাউণ্ড ৰিপ'ৰ্ট:

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতেই ইটিভি ভাৰতৰ সাংবাদিকে সেই গাঁৱসমূহলৈ গৈ স্থানীয় ৰাইজ, গাঁওবুঢ়া আৰু আন আন লোকসকলক লগ ধৰিছিল । সংস্থাটোৰ প্ৰতিবেদনত বাৰাবাকী জিলাৰ চিপাহীয়া গাঁৱৰ এখন ছবি আছিল আৰু সেয়ে ইটিভি ভাৰতৰ সাংবাদিকে আন ঠাইৰ লগতে চিপাহীয়া গাঁৱখনলৈও গৈছিল । গাঁৱৰ লোকসকলে কৈছিল যে, বিশ্ব স্বাস্থ্য সংস্থাৰ লোক আৰু স্বাস্থ্যকৰ্মী গাঁৱখনলৈ গৈছিল; কিন্তু সেয়া আছিল ক'ভিড 19 ৰ বিষয়ে এক সজগতামূলক প্ৰচাৰ । কিন্তু ঘৰে ঘৰে গৈ কোনো ধৰণৰ পৰীক্ষা কৰা হোৱা নাছিল ।

"মুখ্য চিকিৎসা বিষয়া, জিলা উপায়ুক্ত আৰু কিছু লোকৰ এটা দল গাঁৱখনলৈ আহিছিল আৰু মানুহবোৰক সুধিছিল তেওঁলোকৰ কফ বা পানীলগা জ্বৰ আদি হৈ আছে নেকি ? তেওঁলোকে ঘৰে ঘৰে গৈছিল, কিন্তু কোনো ধৰণৰ পৰীক্ষা কৰা নাছিল"-চুমেৰীলাল নামৰ এজন বাসিন্দাই ক’লে এইদৰে ৷

নিলম নামৰ এগৰাকী আশা কৰ্মীয়ে কয় যে, পাঁচদিনীয়া অভিযানৰ অন্তত স্থানীয় প্ৰাথমিক বিদ্যালয়ত এক স্বাস্থ্য শিবিৰ পতা হৈছিল । "যেতিয়া পৰীক্ষা কৰা হয়, আমাক জনোৱা হয় আৰু সেইমতে আমি গাঁৱবাসীক সেই ঠাইলৈ পৰীক্ষাৰ বাবে লৈ যাওঁ আৰু পৰীক্ষা কৰাওঁ" তেওঁ কয় ৷

"আশা কৰ্মীসকলে সজাগতা অভিযান চলাইছে আৰু সেয়ে লোকসকল ভেকচিন ল’বলৈ আগবাঢ়ি আহিছে । তেওঁলোকে আগতে অহা নাছিল । আমি সকলোৰে ওপৰত নজৰ ৰাখি আছো । চিপাহীয়া গাঁৱত 150 জনৰ পৰা নমুনা গ্ৰহণ কৰা হৈছিল আৰু তাৰ ভিতৰত মাত্ৰ এজনৰ সংক্ৰমণ হোৱা বুলি নিশ্চিত হৈছে । বাকীসকল সুস্থ"-বাৰাবাকী জিলাৰ কমিউনিটি স্বাস্থ্যকেন্দ্ৰৰ অধীক্ষক কৈলাশ শাস্ত্ৰীয়ে কয় ।

গাজীপুৰ জিলাৰ আন এখন গাঁৱৰ বাসিন্দা গুন্নু যাদৱে কয় যে, যোৱা বছৰৰ পাছত কোনো স্বাস্থ্য কৰ্মী গাঁৱখনলৈ অহা নাই । তেওঁলোকে গংগা নদীৰ ওপৰত মৃতদেহ ভাঁহি অহা প্ৰত্যক্ষ কৰি উদ্বেগ প্ৰকাশ কৰে আৰু কয় যে, গাঁৱখনৰ অৱস্থা বৰ বেয়া আৰু তেওঁলোক যথেষ্ট চিন্তিত ৷ কাৰণ গংগা নদী তেওঁলোকৰ গাঁৱৰ মাজেৰে প্ৰৱাহিত হৈ আছে । যাদৱে কয় যে, এতিয়ালৈকে কোনো স্বাস্থ্য কৰ্মী গাঁৱখনলৈ যোৱা নাই আৰু ইতিমধ্যে গাঁৱখনত 10-12 জন লোকৰ মৃত্যু হৈছে ৷

সহকাৰী স্বাস্থ্য বিষয়া উমেশ কুমাৰে কিন্তু কয় যে, এই অভিযান মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশমৰ্মে অনুষ্ঠিত কৰা হৈছে । তেওঁ কয় যে, ভ্ৰাম্যমান দলসমূহে লোকসকলক পৰীক্ষা কৰি আছে আৰু প্ৰয়োজন সাপেক্ষে কণ্টেইনমেন্ট জ'ন সৃষ্টি কৰি সেৱা আগবঢ়োৱা হৈছে ।

ঠিক তেনেদৰে চাহৰনপুৰত এক স্থানীয় ব্যক্তিয়ে কয় যে, তেওঁলোকে কোনো ধৰণৰ স্বাস্থ্য সেৱা পোৱা নাই আৰু গাঁৱবাসীয়ে নিজেই নিজৰ যত্ন লৈ ক'ভিডৰ সৈতে যুদ্ধ কৰি আছে ।

বানীখৰা গাঁৱৰ সতীশ কুমাৰে কয় যে, কোনো স্বাস্থ্য কৰ্মীৰ দল তেওঁলোকে দেখা নাই আৰু ভগৱানক ধিয়াই তেওঁলোক জীয়াই আছে ৷

ইটিভি ভাৰতৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সংস্থাটোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে, সংস্থাটোৰ মনিটৰিং আৰু চাৰ্ভেইলেঞ্চ হ'ল প্ৰধান কাম আৰু উত্তৰ প্ৰদেশত তেওঁলোকৰ এক বৃহৎ দলে কাম কৰি আছে । মেইলৰ জৰিয়তে দিয়া এই উত্তৰত স্বাস্থ্য সংস্থাটোৱে কয় যে, এই বৃহৎ দলটো পলিঅ' নিৰ্মূল অভিযান চলি থকা সময়ত নিয়োগ কৰা হৈছিল ।

"এই সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ শ্ৰেষ্ঠ অনুশীলনসমূহৰ ভিতৰত এটা যাক ভেকচিন প্ৰদানৰ বাবে গ্ৰহণ কৰা হয়" সংস্থাটোৰ এগৰাকী মুখপাত্ৰই এইদৰে জনাই আৰু লগতে কয় যে, উত্তৰ প্ৰদেশত এই প্ৰক্ৰিয়াটো দুটা পৰ্যায়ত যোৱা বছৰ কৰা হৈছিল আৰু এতিয়া তাক পুনৰবাৰ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.