ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া COVID-19 ত আক্ৰান্ত

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আক্ৰান্ত হৈছে COVID-19 ত ৷ মণিপাল চিকিৎসালয়ত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে ৷

author img

By

Published : Mar 31, 2021, 2:22 PM IST

নিউজ ডেস্ক, 31 মাৰ্চ : দেশত পুনৰ বৃদ্ধি হব ধৰিছে কৰোণাৰ প্ৰকোপ ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আক্ৰান্ত হৈছে COVID-19 ত ৷ পুৰণি বিমানবন্দৰ পথৰ মণিপাল চিকিৎসালয়ত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে ৷ এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চেনাম্মাই উভয়ে COVID-19 পৰীক্ষা কৰিছিল ৷ বৰ্তমান তেওঁ কৰোণা পজিটিভ বুলি টুইটযোগে প্ৰকাশ কৰে ৷ পৰিয়ালৰ আন সদস্যসকলৰ পৰা তেওঁ নিজকে আছুটীয়াকৈ ৰাখিছে ৷

যোৱা কেইদিনমানধৰি তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শলৈ অহা সকলোকে নিজকে পৰীক্ষা কৰিবলৈ তেওঁ অনুৰোধ জনায় ৷ তেওঁ দলৰ কৰ্মী আৰু শুভাকাংক্ষীসকলক আতংকিত নহ'বলৈ অনুৰোধ জনায়। স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকাৰ এক টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় তেওঁ চিকিৎসকৰ সংস্পৰ্শত আছে আৰু ব্যক্তিগতভাৱে সকলো খবৰ লোৱাৰ লগতে শীঘ্ৰে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ৷

লগতে পঢ়ক : COVID-১৯ঃ মিজোৰামত আক্ৰান্তৰ ২৩টা ঘটনা সক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.