ETV Bharat / bharat

কৰ’ণাত সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে মোডীৰ বৈঠক

author img

By

Published : Apr 23, 2021, 2:18 PM IST

সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যিসমূহ ৰাজ্যত বেছিকৈ ক'ভিড-১৯ ৰ সংক্ৰমণ ঘটিছে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

আটাইতকৈ কৰ'ণা গ্ৰাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে মোডীৰ বৈঠক

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক ভাৰ্চুৱেল বৈঠকৰ অনুষ্ঠিত কৰে । যিসমূহ ৰাজ্যত বেছিকৈ ক'ভিড-১৯ ৰ সংক্ৰমণ ঘটিছে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । উক্ত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেল, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধন আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল ।

দেশত যোৱা ২৪ ঘণ্টাত ৩,৩২,৭৩০ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । যোৱা বছৰৰ মহামাৰী আৰম্ভ হোৱাৰ পাছত বৃহস্পতিবাৰে সৰ্বাধিক লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । একেৰাহে দুদিন ধৰি দেশত তিনিলাখ লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । এই মূহুৰ্তলৈ দেশত ১,৬২,৬৩,৬৯৫ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । বিপৰীতে যোৱা ২৪ ঘণ্টাত ২,২৬৩ জন লোকে মহামাৰীৰ কবলত প্ৰাণ হেৰুৱায় । ফলত নিহতৰ সংখ্যা ১,৮৬,৯২০ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: সকলো বেংক কৰ্মী আৰু বীমা কৰ্তাসকলক টীকাকৰণ কৰিবলৈ অনুৰোধ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.