নতুন দিল্লী, 24 এপ্ৰিল : অক্সিজেনৰ অভাৱত দিল্লীৰ গল্ডেল হাস্পাতালত 21 গৰাকীকৈ ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ বহু চিকিৎসালয়ে বিপদজনকভাৱে নিম্ন স্তৰৰ অক্সিজেন যোগানৰ সৈতে যুঁজি থকাৰ বাবে দিল্লী চৰকাৰে অতি সংকটজনক পৰিস্থিতিৰ সময়ত ব্যৱহাৰ কৰিব লগা গেছৰ বাফাৰ ষ্টক বজাই ৰখাৰ সিদ্ধান্ত লৈছে ৷
কেন্দ্ৰই দিল্লীৰ বাবে অক্সিজেনৰ দৈনিক কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰিছে । দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বৃহস্পতিবাৰে তিনিজন জ্যেষ্ঠ আই এ এছ বিষয়াক নোডেল বিষয়া হিচাপে নিযুক্তি দিয়ে, যাতে চহৰখনৰ বিভিন্ন চিকিৎসালয়লৈ অক্সিজেনৰ মসৃণ বিতৰণ আৰু যোগান সুনিশ্চিত হয় ৷
লগতে পঢ়ক : অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ