ETV Bharat / bharat

২-১৮ বছৰ বয়সৰ শিশু-কিশোৰক Covaxin প্ৰদানৰ অনুমোদনৰ পৰামৰ্শ বিশেষজ্ঞ কমিটীৰ - বিশেষজ্ঞ কমিটী

মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে এক সুখবৰ । ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভাক্সিন প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলক পৰামৰ্শ দিলে বিশেষজ্ঞ কমিটীয়ে ।

Expert panel recommends emergency use approval for Covaxin in 2 to 18 age group
শিশু, কিশোৰক কোভাক্সিন প্ৰদানৰ অনুমোদন দিবলৈ পৰামৰ্শ বিশেষজ্ঞ পেনেলৰ
author img

By

Published : Oct 12, 2021, 5:51 PM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে এতিয়াও কণ কণ শিশু আৰু কিশোৰ-কিশোৰসকলে বিদ্যালয়লৈ যোৱা অথবা আন আন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । শেহতীয়াকৈ সীমিত সংখ্যক শিক্ষাৰ্থী শ্ৰেণীকোঠাত বহাৰ পৰা আৰম্ভ কৰি আন সকলো স্বাস্থ্য বিধি মানিহে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ।

১৮ বছৰৰ অনুৰ্ধ্বৰ বাবে ক'ভিড-১৯ৰ প্ৰতিষেধক উপলব্ধ নোহোৱা বাবে অভিভাৱকসকলেও সন্তানৰ স্বাস্থ্যৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে । কিন্তু এতিয়া প্ৰতিষেধক উপলব্ধ হোৱাক লৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতৰ কেন্দ্ৰীয় ঔষধ প্ৰাধিকৰণৰ বিশেষজ্ঞ কমিটীৰ সিদ্ধান্তই ।

মঙলবাৰে এক সূত্ৰই জনোৱা মতে, ২-১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভাক্সিন প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলক পৰামৰ্শ দিলে বিশেষজ্ঞ কমিটীয়ে । শেহতীয়াকৈ, হায়দৰাবাদস্থিত ভাৰত বায়'টেক, ২-১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ বাবে কোভাক্সিন 2/3 পৰীক্ষণ সম্পূৰ্ণ কৰিছে ।

চলিত মাহৰ আৰম্ভণিতে ভাৰত বায়'টেক প্ৰমাণীকৰণ আৰু অনুমোদনৰ বাবে চেন্ট্ৰেল ড্ৰাগছ নিয়ন্ত্ৰক সংস্থাৰ ওচৰত তথ্য দাখিল কৰিছিল । বিশেষজ্ঞ সমিতিয়ে তথ্যবোৰ পৰীক্ষা কৰে আৰু সোমবাৰে জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ দাখিল কৰা আবেদনৰ ওপৰত চিন্তা-চৰ্চা কৰে ।

বিতং আলোচনাৰ পিছত কমিটীয়ে কিছুমান চৰ্ত সাপেক্ষে ২-১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত জৰুৰীকালীন পৰিস্থিতিত প্ৰতিষেধকৰ সীমিত ব্যৱহাৰত অনুমোদন প্ৰদান কৰাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞ কমিটীয়ে । চূড়ান্ত অনুমোদনৰ বাবে এই পৰামৰ্শাৱলী ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.