ETV Bharat / bharat

পশ্চিমবংগত অনিৰ্দিষ্টকাললৈ বন্ধ সকলো বিদ্যালয়

author img

By

Published : Apr 19, 2021, 7:33 PM IST

পশ্চিমবংগত বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত । ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আগতীয়াকৈ গৰম বন্ধ ঘোষণা কৰিছে । এই বন্ধ অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব ৷

পশ্চিমবংগত অনিৰ্দিষ্টকাললৈ বন্ধ সকলো বিদ্যালয়
পশ্চিমবংগত অনিৰ্দিষ্টকাললৈ বন্ধ সকলো বিদ্যালয়

নেশ্যনেল ডেস্ক,১৯ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে পশ্চিমবংগতো কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্যখনত বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত । ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আগতীয়াকৈ গৰম বন্ধ ঘোষণা কৰিছে । মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যখনৰ সকলো বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । সাধাৰণতে মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা বিদ্যালয়সমূহত গৰম বন্ধ আৰম্ভ হয় ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হৈছিল । শেহতীয়াকৈ কৰ'ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসৰ বাবে আগতীয়াকৈ গৰম বন্ধ ঘোষণা কৰিবলৈ বাধ্য হোৱা বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে । শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে ব্যক্তিগত বিদ্যালয়সমূহকো এই নিয়ম অনুসৰণ কৰিবলৈ অনুৰোধ জনাব বুলি কয় । এই সন্দৰ্ভত শিক্ষা বিভাগে সোমবাৰে প্ৰয়োজনীয় জাননী জাৰি কৰিব বুলি ৰাজ্যখনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে সদৰী কৰিছে ।

উল্লেখ্য যে, যোৱা দুমাহত ৰাজ্যখনৰ অধিকাংশ শিক্ষকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছিল । ইয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ।

লগতে পঢ়ক: দিল্লীত অক্সিজেন, ৰেমডেচিবিৰৰ যোগান নিৰীক্ষণৰ বাবে বিষয়া নিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.