ETV Bharat / bharat

মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ? - স্বাস্থ্য সেৱাৰে জড়িত কৰ্মী

মিজোৰামত এই পৰ্যন্ত মুঠ 300474 টা ক’ভিড-19ৰ প্ৰতিষেধক (কভিশ্বিল্ড)ৰ পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত 248448 গৰাকী লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ আনহাতে 52026 গৰাকী লোকে প্ৰথম আৰু দ্বিতীয় দুয়োটা পালি গ্ৰহণ কৰিছে ।

Covid-19 vaccine status in Mizoram
মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ?
author img

By

Published : May 25, 2021, 9:32 PM IST

আইজল, 25 মে’: মিজোৰামত এই পৰ্যন্ত মুঠ 300474 টা ক’ভিড-19ৰ প্ৰতিষেধক (কভিশ্বিল্ড)ৰ পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত 248448 গৰাকী লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ আনহাতে 52026 গৰাকী লোকে প্ৰথম আৰু দ্বিতীয় দুয়োটা পালি গ্ৰহণ কৰিছে ।

60 তথা আৰু যাঠিৰোৰ্ধৰ হিতাধিকাৰীৰ ভিতৰত 58062 গৰাকীয়ে প্ৰথম পালি গ্ৰহণ কৰিছে ৷ আনহাতে 18290 গৰাকী লোকে প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পালি সম্পূৰ্ণ কৰিছে । 45 ৰ পৰা 59 বছৰ বয়সৰ 132444 গৰাকীয়ে ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে ৷ আনহাতে 4634 গৰাকীয়ে প্ৰথম আৰু দ্বিতীয় দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ।

ইফালে স্বাস্থ্য সেৱাৰে জড়িত কৰ্মীসকলৰ ভিতৰত 15236 গৰাকীয়ে ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে ৷ আনহাতে 11395 গৰাকীয়ে প্ৰথম আৰু দ্বিতীয় পালি গ্ৰহণ কৰিছে । 31073 গৰাকী ফ্ৰণ্টলাইন কৰ্মীয়ে প্ৰথম পালি গ্ৰহণ কৰিছে ৷ আনহাতে 17707 জনে দুয়োটা পালি গ্ৰহণ কৰিছে । 18 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে ক’ভিড-19 ভেকছিনৰ টিকাকৰণ মে’ মাহত আৰম্ভ হোৱাৰ পিছত 18 ৰ পৰা 44 বছৰ বয়সৰ 11633 গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, মিজোৰামত এই পৰ্যন্ত 10621 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি ৰাজ্যখনত এই পৰ্যন্ত 8106 গৰাকী কৰ’ণা ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 34 গৰাকী লোকৰ ৷ 25 মে’ বিয়লি 5 বজালৈকে ৰাজ্যখনত 2481 টা কৰ’ণাৰ সক্ৰিয় ৰোগী থকা বুলি জানিবলৈ দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে

লগতে পঢ়ক: তেলেংগানাত আৰম্ভ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.