ETV Bharat / bharat

ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য - টিকাকৰণ অভিযান

কৰ'ণাৰ দ্বিতীয় ঢৌৰ ফলত দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল । চিকিৎসালয়ত বিচনা আৰু অক্সিজেনৰ অভাৱ হোৱা বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছিল ৰোগীয়ে । কেৱল এয়াই নহয়, মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে শ্মশানতো ঠাইৰ অভাৱ হৈছিল । এতিয়া পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও ক'ভিড মহামাৰীৰ ভয়াৱহতা শেষ হোৱা নাই ।

india-covid-update
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
author img

By

Published : Aug 30, 2021, 12:45 PM IST

Updated : Aug 30, 2021, 12:50 PM IST

নিউজ ডেস্ক, 30 আগষ্ট : দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুনৰ দেশত ৪২,৯০৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে ৩৮০ গৰাকীৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,৭৬,৩২৪ গৰাকী আৰু মৃত্যুৰ সংখ্যা ৪,৩৮,২১০ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 3,19,23,405 গৰাকীয়ে ।

আনহাতে, স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২৯ আগষ্টলৈ ভাৰতত ৫২,০১,৪৬,৫২৫ গৰাকীৰ ক’ভিড নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে ১৪,১৯,৯৯০ গৰাকীৰ পৰীক্ষণ দেওবাৰে কৰা হৈছিল । মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত 63,43,81,358 গৰাকীক ক’ভিড-19 ভেকচিন প্ৰদান কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সম্প্ৰতি সমগ্ৰ দেশতে পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰা হৈছে । বিগত 24 ঘণ্টাত মুঠ 14,19,990 টা পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছিল । ভাৰতত এতিয়ালৈকে 52.01 কোটি (52,01,46,525)তকৈও অধিক লোকৰ ক’ভিডৰ নমুনা পৰীক্ষণ কৰা হৈছে ।

ভাৰতত সাপ্তাহিক পজিটিভিটিৰ হাৰ 2.41% পৰা বিগত 66 দিনত 3% হৈছে । আনহাতে দৈনিক পজিটিভিটিৰ হাৰ হৈছে 3.02% । দৈনিক পজিটিভিটিৰ হাৰ বিগত 84 দিনত 5% হ্ৰাস হৈছে ।

লগতে পঢ়ক : ষাঠি কোটি ভেকছিন প্ৰদানেৰে অভিলেখ গঢ়িলে ভাৰতে

Last Updated : Aug 30, 2021, 12:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.