ETV Bharat / bharat

নৌসেনাৰ দুখনকৈ জাহাজে লক্ষদ্বীপলৈ কঢ়িয়াব অক্সিজেন চিলিণ্ডাৰ

author img

By

Published : Apr 24, 2021, 10:01 AM IST

লক্ষদ্বীপলৈ অক্সিজেন চিলিণ্ডাৰ যোগানৰ বাবে কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে নিয়োগ কৰিছে নৌসেনাৰ দুখনকৈ জাহাজ ৷ 'অক্সিজেন এক্সপ্ৰেছ' নামৰ জাহাজ কেইখনে যোগান ধৰিব অক্সিজেনৰ ৷

Southern Naval Command deputes 2 ships to ferry oxygen cylinders to Lakshadweep
নৌসেনাৰ দুখনকৈ জাহাজে লক্ষদ্বীপলৈ কঢ়িয়াব অক্সিজেন চিলিণ্ডাৰ

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল: দেশৰ ভিন্ন প্ৰান্তৰ লগতে লক্ষদ্বীপতো ক'ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে দ্বীপসমূহত অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ বাবে নৌসেনাৰ দুখনকৈ জাহাজ নিয়োগ কৰিছে ৷ 'অক্সিজেন এক্সপ্ৰেছ' নামৰ এই জাহাজ কেইখনে দ্বীপটোলৈ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ লগতে খালী চিলিণ্ডাৰ সমূহো সংগ্ৰহ কৰিব ৷

এক বিবৃতিযোগে চাউদাৰ্ণ নেভেল কমাণ্ডে কয় যে, "লক্ষদ্বীপৰ কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লগতে প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে অক্সিজেন এক্সপ্ৰেছ নামেৰে নৌসেনাৰ দুখনকৈ জাহাজ অক্সিজেন যোগান ধৰাৰ বাবে নিয়োগ কৰিছে ৷"

চিকিৎসা সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বীপসমূহত চিকিৎসা দল (এজন চিকিৎসক আৰু দুজন নাৰ্চিং সহায়ক), পি পি ই আৰু আৰু এ ডি টি কিট, মাস্ক, মোজা, নেবুলাইজাৰ আদিৰো যোগান ধৰিছে ৷

লগতে পঢ়ক: খাৰদুং লাত আৱদ্ধ লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.