ETV Bharat / bharat

ভাৰতত ক’ভিড-19ৰ পৰা আৰোগ্য লাভ প্ৰায় 97 লাখৰ

author img

By

Published : Dec 25, 2020, 1:58 PM IST

ICMR ৰ মতে ডিচেম্বৰলৈ ভাৰতত ক’ৰণাত আক্ৰান্তৰ সংখ্য়া ১ কোটি ১ লাখ ৪৬ হাজাৰ ৮৪৫ টা, এতিয়ালৈ মুঠ ১৬ কোটি ৬৩ লাখ ৫ হাজাৰ ৭৬২ টা নমুনাৰ পৰীক্ষণ সম্পূৰ্ণ ।

ভাৰতত কৰ'ণাত সুস্থহৈ ঘৰলৈ উভতিল ৯৭ লাখ লোক

নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্য়াণ মন্ত্ৰালয়ৰ শুকুৰবাৰৰ তথ্য় অনুসৰি ভাৰতত এটা দিনত ২৩ হাজাৰ ৬৭ টা নতুনকৈ আক্ৰান্তৰে COVID-19 ত আক্ৰান্তৰ মুঠ সংখ্য়া হ'লগৈ ১ কোটি ১ লাখ ৪৬ হাজাৰ ৮৪৫ টা , ইফালে ৯৭ লাখৰ ঘৰ অতিক্ৰম কৰিছে সুস্থ হোৱাৰ লোকৰ সংখ্য়া । পুৱা ৮ বজাৰ তথ্য় অনুসৰি নতুনকৈ ৩৩৬ গৰাকীৰ মৃত্য়ুৰে এই মহামাৰীত মৃত্য়ু হোৱা লোকৰ সংখ্য়া অতিক্ৰম কৰিলে ১ লাখ ৪৭ হাজাৰ ৯২ গৰাকীলৈ । এই ৰোগৰ পৰা বৰ্তমানলৈ সুস্থ হৈছে ৯৭ লাখ ১৭ হাজাৰ ৮৩৭ গৰাকী ।

ৰাষ্ট্ৰীয় সুস্থৰ হাৰ বৃদ্ধি হৈছে ৯৫.৭৭ শতাংশলৈ আনফালে COVID-19 ত মৃত্যুৰ হাৰ সম্প্ৰতি ১.৪৫ শতাংশ । ইয়াৰ মাজতে আশাৰ খবৰ যে বিগত ৪ দিন ধৰি দেশত COVID-19ত সক্ৰিয় ৰোগীৰ সংখ্য়া ৩ লাখৰ তলত আছে । তথ্য় অনুসৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্য়া ২ লাখ ৮১ হাজাৰ ৯১৯ জন, এই সংখ্য়া মুঠ আক্ৰান্তৰ সংখ্য়াৰ ২.৭৮ শতাংশ ।

ভাৰতত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্য়াই ৭ আগষ্টত অতিক্ৰম কৰিছিল ২০ লাখৰ ঘৰ , ২৩ আগষ্টত এই সংখ্য়া আছিল ৩০ লাখ, ৫ চেপ্তেম্বৰত আছিল ৪০ লাখ আৰু ১৬ চেপ্তেম্বৰত এই সংখ্য়া আছিল ৫০ লাখ । দেশত আক্ৰান্ত ৰোগীৰ সংখ্য়া ২৮ চেপ্তেম্বৰত ৬০ লাখৰ ঘৰ অতিক্ৰম কৰে । ক্ৰমান্বয়ে এই সংখ্য়া ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ , ২০ নবেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ (ICMR) ৰ মতে বৃহস্পতিবাৰৰ দিনটোত ৯ লাখ ৯৭ হাজাৰ ৩৯৬ টা নমুনা পৰীক্ষণেৰে ২৪ ডিচেম্বৰলৈ মুঠ ১৬ কোটি ৬৩ লাখ ৫ হাজাৰ ৭৬২ টা পৰীক্ষণ সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক :ভাৰতক সমৃদ্ধ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ প্ৰচেষ্টা চিৰস্মৰণীয় : মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.