ETV Bharat / bharat

চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ৰোগীৰ পৰিয়াললৈ সমবেদনা ৰাহুল গান্ধীৰ

author img

By

Published : Apr 30, 2021, 4:54 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে চিকিৎসাৰ অভাৱত প্ৰিয়জনক হেৰুওৱা সকলো লোকলৈ সমবেদনা জ্ঞাপন কৰে আৰু কয় যে দেশৰ প্ৰতিখন ৰাজ্যৰ নাগৰিকৰ প্ৰাৰ্থনা আৰু সহানুভূতি তেওঁলোকৰ সৈতে আছে ।

Rahul Gandhi expresses condolences
ৰাহুল গান্ধীৰ বিশেষ টুইট

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: দেশত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ । দেশত এতিয়ালৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ২ লাখৰো অধিক লোকে । দেশবাসীয়ে সন্মুখীন হোৱা এনে জটিল সময়ৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক বিশেষ টুইট ।

টুইটযোগে নেতাগৰাকীয়ে চিকিৎসাৰ অভাৱত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে প্ৰিয়জনক হেৰুওৱা সকলোলৈ সমবেদনা জ্ঞাপন কৰে আৰু কয় যে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা প্ৰাৰ্থনা আৰু সহানুভূতি তেওঁলোকৰ সৈতে আছে ।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩ লাখ ৮৬ হাজাৰ ৪৫২ গৰাকী লোক আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৮৭ লাখ ৬২ হাজাৰ ৯৭৬ টা । সক্ৰিয় ঘটনা দেশত ৩১ লাখৰ অতিক্ৰম কৰিলে । ইফালে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈ ২ লাখ ৮ হাজাৰ ৩৩০ টা হৈছে ।

লগতে পঢ়ক:বিশিষ্ট সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.